আজিৰে পৰা তিনিদিনীয়াকৈ কলাক্ষেত্ৰত সমষ্টি পুনৰ নিৰ্ধাৰণৰ শুনানি...

আজিৰে পৰা তিনিদিনীয়াকৈ কলাক্ষেত্ৰত সমষ্টি পুনৰ নিৰ্ধাৰণৰ শুনানি

author-image
Asomiya Pratidin
New Update
আজিৰে পৰা তিনিদিনীয়াকৈ কলাক্ষেত্ৰত সমষ্টি পুনৰ নিৰ্ধাৰণৰ শুনানি...

ডিজিটেল ডেস্কঃ বুধবাৰে অসমত উপস্থিত হ'ব দেশৰ নিৰ্বাচনী আয়োগৰ দল। ৰাজ্যত সমষ্টি পুনৰ নিৰ্ধাৰণৰ ব্যাপক প্ৰতিক্ৰিয়া তথা প্ৰতিবাদ চলি থকাৰ সময়তে তিনিদিনীয়া কাৰ্যসূচীৰে উপস্থিত হ'ব দলটি। খচৰাখনৰ সন্দৰ্ভত ৰাইজৰ আপত্তি গ্ৰহণ কৰি শুনানি প্ৰদানৰ বাবে আহিছে দলটি। দিনৰ ২ বজাৰ পৰা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হ'ব লগীয়া এই শুনানি ২১ জুলাই পৰ্যন্ত চলিব।

Advertisment

প্ৰথম দিনাৰ কাৰ্যসূচী অনুসৰি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত কামৰূপ মহানগৰ, পশ্চিম কাৰ্বি আংলং, চিৰাং বাক্সা, ডিমা হাচাও, কামৰূপ, ওদালগুৰি আৰু কোকৰাঝাৰ জিলাৰ আপত্তিৰ সন্দৰ্ভত প্ৰতিনিধিৰে আলোচনাত বহিব দলটি। পূৰ্বে জাৰি কৰা এক জাননী অনুসৰি কলাক্ষেত্ৰৰ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহৰ ৩ নং হলত কামৰূপৰ প্ৰতিনিধিৰে আৰু শ্ৰীশ্ৰী মাধৱদেৱ প্ৰেক্ষাগৃহত ওদালগুৰি, কাৰ্বি আংলং আৰু কোকৰাঝাৰ তথা আন জিলাসমূহৰ প্ৰতিনিধিৰে বহিব বৈঠক।

আনহাতে দ্বিতীয় দিনা অৰ্থাৎ ২০ জুলাইৰ কাৰ্যসূচী অনুসৰি পুৱা ৯-৩০ বজাৰ পৰা দিনৰ ২ বজালৈ শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত গোৱালপাৰা, বঙাইগাওঁ, বৰপেটা, নলবাৰী, শোণিতপুৰ, কৰিমগঞ্জ, দৰং, হাইলাকান্দি, কাছাৰ, দক্ষিণ শালমাৰা, নগাঁও, ধুবুৰী জিলাৰ প্ৰতিনিধিৰে হ'ব বৈঠক। উল্লেখ্য এই বৈঠকত উক্ত প্ৰেক্ষাগৃহত গোৱালপাৰা, বঙাইগাওঁ, বৰপেটা, নলবাৰী, শোণিতপুৰ আৰু কৰিমগঞ্জৰ প্ৰতিনিধিৰে আৰু ৩ নং হলত বাকী জিলাৰ প্ৰতিনিধিৰে বৈঠকত বহিব।

ঠিক তেনেদৰে ২১ জুলাই ২০২৩ত পুৱা ৯-৩০ বজাৰ পৰা দিনৰ ১২-৩০ বজালৈ শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত তিনিচুকীয়া, ধেমাজি আৰু লখিমপুৰ জিলাৰ প্ৰতিনিধি আৰু শ্ৰীশ্ৰী মাধৱদেৱ প্ৰেক্ষাগৃহত ডিব্ৰুগড়, চৰাইদেও, গোলাঘাট আৰু মাজুলীৰ প্ৰতিনিধিৰে আয়োগ আলোচনাত বহিব। ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে জনোৱা অনুসৰি যিসমূহ দল-সংগঠনে শুনানিত অংশ ল'ব তেওঁলোকৰ প্ৰতিনিধি ৫জনকৈ অধিক হ'ব নোৱাৰিব।

ইপিনে এই শুনানি গ্ৰহণৰ সময়ত যাতে কোনো অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি নহয় তাৰ বাবে সাজু হৈছে প্ৰশাসন। সম্পূৰ্ণ কটকটীয়া নিৰাপত্তী বেষ্টনীৰে ইতিমধ্যেই সাজু হৈছে কলাক্ষেত্ৰৰ বাকৰি। উল্লখ্য নিৰ্বাচনী আয়োগৰ নিৰ্দেশনা অনুসৰি বৈঠকৰ সময়ত প্ৰতিনিধিয়ে বন্ধ কৰি ৰাখিব লাগিব মোবাইল ফোন।

Also Read: দেশৰ চোৰাংচোৱা সংস্থাৰ মুৰব্বী তপন ডেকাৰ বাসগৃহত চোৰৰ প্ৰৱেশ...

election commission of india