/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/b369a197-74a6-49cb-a35a-b1536e15a2ba/AP_FOR_WEB__01.jpg)
ডিজিটেল ডেস্কঃ ভাৰতীয় চোৰাংচোৱা সংস্থাৰ মুৰব্বী তপন ডেকাৰ বাসগৃহত সংঘটিত হয় এক চুৰিকাণ্ড। আই বি মুৰব্বীগৰাকীৰ গুৱাহাটীৰ দিশপুৰত থকা বাসগৃহত দেওবাৰৰ নিশাই প্ৰৱেশ কৰিছিল চোৰে।
খোদ আই বিৰ মুৰব্বীগৰাকীৰ বাসগৃহত চোৰ প্ৰৱেশৰ এই ঘটনা দিশপুৰ আৰক্ষীয়ে গোপন কৰি ৰাখিবলৈ চেষ্টা কৰিছিল যদিও স্থানীয় এক সূত্ৰই এই কথা সদৰী কৰিছে। অৱশ্যে চোৰে বিষয়াগৰাকীৰ বাসগৃহৰ পৰা কি নিব পাৰিলে সেয়া এতিয়াও জানিব পৰা হোৱা নাই।
Also Read: সমষ্টি পুনৰ নিৰ্ধাৰণঃ নিৰ্বাচন আয়োগৰ শুনানিৰ সময়সূচীত কিছু সালসলনি...