নদুৱাৰ সমষ্টিত নিৰ্বাচনী কাৰ্য্যালয় উদ্বোধন বিধায়ক পদ্ম হাজৰিকাৰ

নদুৱাৰ সমষ্টিত নিৰ্বাচনী কাৰ্য্যালয় উদ্বোধন বিধায়ক পদ্ম হাজৰিকাৰ

author-image
Asomiya Pratidin
New Update
নদুৱাৰ সমষ্টিত নিৰ্বাচনী কাৰ্য্যালয় উদ্বোধন বিধায়ক পদ্ম হাজৰিকাৰ

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ শোণিতপুৰ লোকসভা সমষ্টিৰ অধীনৰ নদুৱাৰ বিধানসভা সমষ্টি এলেকাৰ ৰঙাচকুৱা, ধলাইবিল, নাগশংকৰ, কৰৈয়নী আৰু বালিপাৰাত শনিবাৰে ৫টাকৈ নিৰ্বাচনী কাৰ্য্যালয়ৰ শুভ উদ্বোধন কৰে সমষ্টিটোৰ বিধায়ক পদ্ম হাজৰিকাই৷ ভাৰতীয় জনতা পাৰ্টিৰ ৪৪ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ দিনটোতে আয়োজিত নিৰ্বাচনী কাৰ্য্যালয়সমূহৰ শুভ উদ্বোধনী অনুষ্ঠানত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ জামুগুৰি আঞ্চলিক কমিতিৰ সভাপতি প্ৰাঞ্জল বৰাই বিজেপি দলৰ নীতি আৰু আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ বিজেপিত যোগদান কৰে৷

Advertisment

ইয়াৰ সমান্তৰালকৈ কংগ্ৰেছ, চি পি এম আৰু আম আদমী পাৰ্টিকে ধৰি বিভিন্ন ৰাজনৈতিক দলৰ শতাধিক নেতা-কৰ্মীয়েও বিজেপি দলত যোগদান কৰে৷ বিধায়ক পদ্ম হাজৰিকাই যোগদান কাৰীসকলক দলীয় প্ৰতীক সম্বলিত টুপি আৰু গামোচাৰে দললৈ আদৰণি জনায়৷

ভাষণ প্ৰসংগত নদুৱাৰ সমষ্টিৰ বিধায়কগৰাকীয়ে দলীয় বিষয়ববীয়া ও প্ৰতিজন কাৰ্য্যকৰ্তাক দলৰ প্ৰতি সততা আৰু নিষ্ঠাৰে সেৱা আগবঢ়াবলৈ আহ্বান জনাই কয় যে আগন্তুক লোকসভা নিৰ্ব্বাচনত নদুৱাৰ সমষ্টিৰ পৰা আমি আমাৰ দলৰ মনোনিত প্ৰাৰ্থী ৰঞ্জিত দত্তক একলাখতকৈ অধিক ভোট দি জয়ী কৰিব লাগিব৷ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক আমি তৃতীয়বাৰলৈ প্ৰধানমন্ত্ৰী পাতিবই লাগিব৷ তেতিয়াহে আমাৰ দেশ বিশ্বৰ সৰ্ব্বশ্ৰেষ্ঠ হিচাবে প্ৰতিষ্ঠিত হ'ব বুলি মন্তব্য কৰে৷

Also Read: কাছাৰত কোটি টকাৰ নিচাজাতীয় সামগ্ৰী জব্দ

election padma hazarika