চন্দন ব্ৰহ্মলৈ খোলা আছে ইউপিপিএলৰ দুৱাৰ- জয়ন্ত বসুমতাৰী

চন্দন ব্ৰহ্মলৈ খোলা আছে ইউপিপিএলৰ দুৱাৰ- জয়ন্ত বসুমতাৰী

ডিজিটেল সংবাদ, বাক্সাঃ লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে-লগে প্ৰতিটো ৰাজনৈতিক দলে নিৰ্বাচনী কুচ-কাৱাজ আৰম্ভ কৰা পৰিলক্ষিত হৈছে । ৰণদংকা বজাবলৈ সাজু হৈছে শাসকীয় পক্ষ। শুকুৰবাৰে বাক্সা জিলাৰ মুছলপুৰত এনডিএৰ নিৰ্বাচনী পৰিচালনা সমিতিৰ কাৰ্যালয় মুকলি অনুষ্ঠানত উপস্থিত থাকে এনডিএৰ প্ৰক্ষেপিত প্ৰাৰ্থী জয়ন্ত বসুমতাৰী। অনুষ্ঠানত উপস্থিত থাকি কেবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে ১ নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ এনডিএৰ প্ৰক্ষেপিত প্ৰাৰ্থীগৰাকীয়ে ।

তেওঁ কয় যে, নৰেন্দ্ৰ মোদীক তৃতীয় বাৰৰ বাবে প্ৰধানমন্ত্ৰী পাতিবলৈ আমি সাজু হৈছো। আমাৰ মূল লক্ষ্য সেইটোৱেই। আমি কোকৰাঝাৰ লোকসভা সমষ্টিত ৭০% ভোট লাভেৰে নিশ্চিতভাৱে বিজয় সাব্যস্ত হ'ম । বিপিএফৰ খাম্ফা বৰগয়াৰী বা আন কোনো প্ৰাৰ্থী ফেক্টৰ নহয় । আনহাতে বিপিএফৰ প্ৰাক্তন নেতা চন্দন ব্ৰহ্ম ইউপিপিএল যোগদানৰ সন্দৰ্ভত জয়ন্ত বসুমতাৰীয়ে কয় যে, চন্দন ব্ৰহ্মলৈ ইউপিপিএলৰ দুৱাৰ সদায়ে খোলা আছে ।

চন্দন ব্ৰহ্মলৈ খোলা আছে ইউপিপিএলৰ দুৱাৰ- জয়ন্ত বসুমতাৰী
আজাৰা আৰক্ষীৰ জালত এটিএম কাৰ্ড চোৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in