/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/qqqqqq.jpg)
ডিজিটেল সংবাদ, চিৰাং, : চিৰাঙৰ পৰা সুদূৰ লণ্ডনলৈ নেমুটেঙা ৰপ্তানি কৰি নজিৰ স্থাপন কৰা বিজনীৰ পানবাৰী স্থিত বডোফা এগ্ৰো অৰ্গেনিক প্ৰডিউচাৰ কোম্পানী লিমিটেডৰ কাৰ্যালয় চৌহদত ভাৰতীয় ষ্টেট বেংক, বঙাইগাঁও ক্ষেত্ৰীয় কাৰ্যালয়ৰ উদ্যোগত এক অগতানুগতিক অনুষ্ঠান "এক ৰাত অন্নদাতা কে সাথ" অৰ্থাৎ এটা নিশা কৃষক ৰাইজৰ সৈতে ।
ভাৰতীয় ষ্টেট বেংকৰ এই বিশেষ অনুষ্ঠানত আমন্ত্ৰিত অতিথি ৰূপে উপস্থিত থাকি ৰাইজৰ উদ্দেশ্যি ভাষন প্ৰদান কৰে বিজনী বিধানসভা সমষ্টিৰ বিধায়ক অজয় কুমাৰ ৰায় আৰু বিটিচিৰ কাৰ্য্যবাহী সদস্য ধনঞ্জয় বসুমতাৰীয়ে। এই অনুষ্ঠানৰ সন্দৰ্ভত ভাৰতীৰ ষ্টেট বেংকৰ, বঙাইগাঁও ক্ষেত্ৰীয় কাৰ্যালয়ৰ সহকাৰী মহাপ্ৰবন্ধক গুৰুপদ হালদাৰে কয় যে ভাৰতীয় ষ্টেট বেংক মুলতঃ এই অনুষ্ঠানৰ জৰিয়তে ভিতৰুৱা অঞ্চলৰ কৃষক ৰাইজৰ লগত এক সুসম্পৰ্ক গঢ়ি তোলাৰ লক্ষ্যৰেই আয়োজন কৰা হৈছে ।
কেৱল কৃষি ক্ষেত্ৰতে নহয় এই অঞ্চলৰ শিক্ষা, ক্ৰীড়া, পশুপালন, মীনপালন সকলো ক্ষেত্ৰতে সহায় সহযোগিতা আগবঢ়াই সমাজখনক আগুৱাই লৈ যাব পাৰো সেই উদ্দেশ্য আগত ৰাখিয়েই এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে । যাৰ কাৰণে এই অনুষ্ঠানতেই চল্লিশ গৰাকী কৃষকক ভাৰতীয় ষ্টেট বেংকৰ বিষ্ণুপুৰ শাখাৰ অধীনত কৃষি ঋণৰ প্ৰমাণ পত্ৰ বিতৰণ কৰা হয় ।
বৃহত্তৰ পানবাৰী অঞ্চলৰ প্ৰায় চাৰি শতাধিক লোকে অংশগ্ৰহণ কৰা এই "এক ৰাত অন্নদাতা কে সাথ " অনুষ্ঠানত আদৰ্শ কৃষক, কৃতি ছাত্ৰ ছাত্ৰী, অৱসৰপ্ৰাপ্ত শিক্ষক, জেষ্ঠ্য নাগৰিক, সমাজকৰ্মী সকলক সম্বৰ্ধনা জনোৱা হয় আৰু ক্ৰীড়া ক্ষেত্ৰত বিশেষ অবদান আগবঢ়োৱা ক্লাৱক খেল সামগ্ৰী বিতৰণ কৰা হয় । অনুষ্ঠানত বড়ো সকলৰ পৰম্পৰাগত নৃত্য গীতৰ লগতে বিহুনৃত্যও পৰিৱেশন কৰা হয় । অনুষ্ঠানৰ অন্তত ভাৰতীয় ষ্টেট বেংকৰ বিষয়া কৰ্মচাৰী সকলে সাধাৰণ কৃষক ৰাইজৰ লগত একেলগে বহি নিশাৰ আহাৰ গ্ৰহণ কৰে ।
আৰু পঢ়ক: গোলাঘাটত ১৪৪ ধাৰা জাৰি, সম্পূৰ্ণৰূপে নিষিদ্ধ গাহৰিৰ মাংস বিক্রী
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us