ৰাজ্যৰ প্ৰান্তে প্ৰান্তে পবিত্ৰ ঈদ-উজ-জোহাৰ ৰাজহুৱা নামাজঃ ৰাজ্যপাল, মুখ্যমন্ত্ৰীৰ শুভেচ্ছা...

ৰাজ্যৰ প্ৰান্তে প্ৰান্তে পবিত্ৰ ঈদ-উজ-জোহাৰ ৰাজহুৱা নামাজঃ ৰাজ্যপাল, মুখ্যমন্ত্ৰীৰ শুভেচ্ছা...
ৰাজ্যৰ প্ৰান্তে প্ৰান্তে পবিত্ৰ ঈদ-উজ-জোহাৰ ৰাজহুৱা নামাজঃ ৰাজ্যপাল, মুখ্যমন্ত্ৰীৰ শুভেচ্ছা...

ডিজিটেল ডেস্কঃ আজি পবিত্ৰ ঈদ-উজ-জোহা। সমগ্ৰ ভাৰততে আজি পালন কৰা হৈছে এই ধৰ্মীয় উৎসৱ তথা ত্যাগৰ বকৰি ঈদ। বকৰি ঈদ আৰু কোৰবানি ঈদ নামেৰে অভিহিত এই উৎসৱৰ মূল প্রতিপাদ্য বিষয় হৈছে ত্যাগ কৰা।

নবী ইরাহিমে তেওঁৰ পুত্ৰ ইছমাইলক আল্লাহৰ ইচ্ছাত কোৰবানি কৰিবলৈ ওলোৱাৰ স্মৃতিক সাৰোগত কৰিয়ে ইছলাম ধৰ্মাৱলম্বী জনগণে পালন কৰি আহিছে এই ধৰ্মীয় উৎসৱ। এইবাৰো পৰম্পৰাগত ধৰ্মীয় ৰীতি-নীতি অনুসৰি এই উৎসৱ পালন কৰিছে ইছলামধৰ্মী ৰাইজে।

ঈদৰ প্ৰাকমুহূৰ্তত ইছলামধৰ্মীসকলৰ ঘৰে ঘৰে বিৰাজ কৰিছে উৎসাহপূর্ণ পৰিবেশ। ৰাজহুৱা নামাজত অংশগ্ৰহণ কৰিছে শিশু, কিশোৰৰ পৰা বৃদ্ধলৈ। পবিত্ৰ ঈদ উপলক্ষে ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই ৰাজ্যৰ ইছলামধৰ্মী জনগণক আন্তৰিক শুভেচ্ছা জনাইছে আৰু এই পৱিত্ৰ উৎসৱে ৰাজ্যৰ জনগণৰ মাজত শান্তি-সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ এনাজৰী কটকটীয়া কৰি তুলিব বুলি আশা ব্যক্ত কৰিছে।

ঈদ-উজ-জোহা উপলক্ষে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মায়ো ৰাজ্যৰ ইছলাম ধৰ্মাৱলম্বী জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰিছে। এক বিবৃতিযোগে মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে, ইছলাম ধৰ্মাৱলম্বী জনসাধাৰণৰ বাবে ঈদ-উজ-জোহা এক পৱিত্ৰ উৎসৱ। এই উৎসৱে মানৱতাবোধৰ আদৰ্শৰে সকলোকে আগৱাই যোৱাৰ বাবে প্ৰেৰণা যোগায়। ঈদ-উজ-জোহা উদ্যাপনে ত্যাগ, কণা, মানৱ প্ৰেম আৰু ভাতৃত্ববোধৰ মহান অনুভূতিৰে উদ্বুদ্ধ কৰি সমাজত ঐক্য-শান্তি, সমন্বয়ৰ বান্ধোন অধিক সুদৃঢ় কৰে বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে কয় ।

পবিত্র ঈদ-উজ-জোহা উপলক্ষে সমূহ অসমবাসী তথা দেশবাসীলৈ শুভেচ্ছা জনাইছে এ আই ইউ ডি এফৰ সভাপতি তথা ধুবুৰীৰ সাংসদ মৌলানা বদৰুদ্দিন আজমলে। এই পৱিত্ৰ ঈদ- উজ-জোহাৰ আনন্দ-উৎসৱে সকলোৰে মাজলৈ শান্তি, সম্প্ৰীতি আৰু ভাতৃত্ববোধ কঢ়িয়াই আনক বুলিও দলটোৰ সভাপতিগৰাকীয়ে কয়।

সদৌ অসম ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি উৎপল শৰ্মা আৰু সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই অসমৰ ইছলাম ধৰ্মাৱলম্বী জনসাধাৰণক ঈদ-উজ-জোহাৰ শুভেচ্ছা জনাইছে আৰু পৱিত্ৰ ঈদে অসমৰ সকলো শ্ৰেণীৰ জনসাধাৰণৰ মাজত শান্তি-সম্প্ৰীতি আৰু সমৃদ্ধি কঢ়িয়াই আনিব বুলি আশা কৰিছে।

ৰাজ্যৰ প্ৰান্তে প্ৰান্তে পবিত্ৰ ঈদ-উজ-জোহাৰ ৰাজহুৱা নামাজঃ ৰাজ্যপাল, মুখ্যমন্ত্ৰীৰ শুভেচ্ছা...
কলিয়াবৰত দুই কিশোৰীৰ সলিল সমাধি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in