ঢকুৱাখনাত পবিত্ৰ ঈদৰ সমূহীয়া নামাজ

ঢকুৱাখনাত পবিত্ৰ ঈদৰ সমূহীয়া নামাজ

ডিজিটেল সংবাদ, ঢকুৱাখনা: ৰাজ্যৰ সমূহ ইছলাম ধৰ্মী লোকসকলে বৃহস্পতিবাৰে উদযাপন কৰিছে পৱিত্ৰ "ঈদ উল ফিটৰ" । এই পবিত্ৰ পৰম্পৰাগত উৎসৱকলৈ দেশৰ সকলো প্ৰান্তৰ মছজিদৰ লগতে ইদগাহ সমূহত সমূহীয়া নামাজৰ বাবে ভিৰ কৰা পৰিলক্ষিত হয় ।

ঢকুৱাখনাৰ ইছলামধৰ্মী ৰাইজেও "ঈদ উল ফিটৰ" উপলক্ষে আজি ঢকুৱাখনাতো অনুষ্ঠিত কৰে সমূহীয়া নামাজ । ঢকুৱাখনা নগৰৰ মানিকপুৰ ৰাজহুৱা ঈদগাহ মৈদান প্ৰাংগণত এই উপলক্ষে পুৱা ৯-৩০ বজাত ঢকুৱাখনা নগৰৰ লগতে সমীপৱৰ্তী বিভিন্ন অঞ্চলৰ কেইবা শতাধিক ইছলাম ধৰ্মী ৰাইজ সমবেত হয় ।

সু-দৃশ্য তোৰণ ,দৃষ্টিনন্দন সাজ সজ্জাৰে সজাই তোলা ঈদগাহ ময়দান প্ৰাংগণত সমূহীয়া নামাজ পাঠ কৰাই মুফটি আব্দুল কৰিমে । কেইবা শতাধিক ইছলাম ধৰ্মী ৰাইজে অংশগ্ৰহণ কৰে এই সমূহীয়া নামাজত।

ঐক্য শান্তি ভাতৃত্ববোধৰ বাণী বিলাই ইজনে সিজনক আঁকোৱালি লৈ অনুষ্ঠিত নামাজৰ পাছত পৰম্পৰাগত ভাবে ইজনে সিজনক মিঠাই খুৱাই একাত্ম হয় । অভ্যাগত সকলকো আপ্যায়িত কৰি অনাগত সময়ত সম্প্ৰীতিৰে জীয়াই থকাৰ সংকল্প গ্ৰহণ কৰে।

এমাহ যোৰা ৰমজান মাহৰ কঠোৰ নিয়মৰ মাজেৰে ৰখা ৰোজা বৃহস্পতিবাৰে সমাপ্তি পৰে । ইয়াৰ পিছতেই আজি ঈদ উদযাপন কৰিছে ইছলামধৰ্মৰ লোকসকলে ।

ঢকুৱাখনাত পবিত্ৰ ঈদৰ সমূহীয়া নামাজ
'নিভাঁজ'ত ভেজাল মানুহ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in