/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/8453274c-c44b-478e-be69-fa1b06da52cb/grantha.jpg)
'ৰঙা ৰ'দৰ পম খেদি' গ্ৰন্থ উন্মোচন
ডিজিটেল সংবাদ,নগাঁও : বৰ্ষীয়ান ৰাজনীতিবিদ ,শিক্ষাবিদ বাওঁপন্থী নেতা বাণেশ্বৰ শইকীয়াৰ " ৰঙা ৰ’দৰ পম খেদি" শীৰ্ষক গ্ৰন্থখনি দেওঁবাৰে নগাঁও জিলা সাহিত্য সভাৰ কমলা দেৱী তোডী ভৱনত উন্মোচন কৰা হয় ৷ বিশিষ্ট শিক্ষাবিদ সভাৰাম মজুমদাৰৰ সভাপতিত্বত অনুষ্ঠিত সভাত গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট সমাজকৰ্মী তথা ভাৰতীয় গণনাট্য সংঘৰ নগাঁও জিলা শাখাৰ সভাপতি দীপ্তি কুমাৰ বৰুৱাই৷
গ্ৰন্থখন উন্মোচন কৰি দীপ্তি কুমাৰ বৰুৱাই গুৰুত্বপূৰ্ণ ভাষন আগবঢ়াই। বাণেশ্বৰ শইকীয়াই দীৰ্ঘদিন ধৰি কমিউনিষ্ট আন্দোলনৰ গুৰি ধৰি অহাৰ কথা উল্লেখ কৰাৰ লগতে শইকীয়া দেৱৰ এই গ্ৰন্থখনত বিভিন্ন ঘটনা প্ৰৱাহৰ উন্মেষ ঘটিছে বুলি মন্তব্য কৰে দীপ্তি কুমাৰ বৰুৱাই ৷
সভাত মুখ্য বক্তা হিচাপে অংশগ্ৰহণ কৰি শিক্ষাবিদ তথা সাহিত্যিক ড০ ৰাজেন শইকীয়াই কয় - "বাণেশ্বৰ শইকীয়াৰ গ্ৰন্থই সকলোকে উপকৃত কৰিব ৷ সমাজৰ পৰিবৰ্তনৰ বাৱে বিপ্লৱৰ প্ৰয়োজন ৷জাতীয়তাবাদৰ বহু ৰূপ আছে ৷ ক্ৰমশঃ আঞ্চলিক শক্তিয়ে গা কৰি উঠিছে ৷ এনে প্ৰেক্ষাপটত বাওঁপন্থীসকলে আত্ম বিশ্লেষণ কৰা প্ৰয়োজন ৷ মুক্তিতকৈ ডাঙৰ প্ৰশ্ন একো নাই ৷ মুক্তিৰ বাৱে বিপ্লৱ কৰিব লাগিব ৷ বিজেপি চৰকাৰে দৰিদ্ৰ মানুহক চুই যাব পৰাকৈ গ্ৰহণ কৰা আঁচনি সমূহৰ কথা বাওঁপন্থী সকলে দীৰ্ঘদিন কৈ আহিছে। বাওঁপন্থী সকলে এইকথা ৰাইজৰ মাজলৈ লৈ যাব পৰা নাই ৷"
লগতে সভাত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি প্ৰাক্তন বিধায়ক মুনিন মহন্তই সাম্প্ৰতিক পৰিস্থিতিৰ কথা বাখ্যা দাঙি ধৰি কয় - "সাম্প্ৰতিক সময়ত বাওঁপন্থীৰ অগ্ৰগতিত ভেটা পৰিছে ৷ বাওঁপন্থী আন্দোলনৰ গতিত প্ৰত্যাহ্বানৰ সৃষ্টি হৈছে ৷ জাতি ৰক্ষা কৰাটোৱেই এতিয়া ডাঙৰ সমস্যা হৈছে ৷"
সভাত শিক্ষাবিদ আব্দুল চালাম ,সাংবাদিক কনক হাজৰিকা আদি কৰি বহুকেইজন গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।
আৰু পঢ়ক: ঢকুৱাখনাত 'ৰাইজৰ দল'ৰ দ্বিতীয় প্ৰতিষ্ঠা দিৱস পালন....