কাজলগাঁৱত এচ এচ বিৰ উদ্যোগত দুখীয়া ছাত্ৰ-ছাত্ৰীক প্ৰেৰণ শিক্ষামূলক ভ্ৰমণলৈ

শিক্ষামূলক ভ্ৰমণত যোৱা ছাত্ৰ-ছাত্ৰীৰ দলটোৰ নেতৃত্ব বহন কৰিছে পৰিদৰ্শক পৱন কুমাৰে
কাজলগাঁৱত এচ এচ বিৰ উদ্যোগত দুখীয়া ছাত্ৰ-ছাত্ৰীক প্ৰেৰণ শিক্ষামূলক ভ্ৰমণলৈ

ডিজিটেল সংবাদ, চিৰাং: সশস্ত্ৰ সীমা বলৰ আদৰণীয় পদক্ষেপ। কাজলগাঁৱস্থিত এচ এচ বিৰ ১৫ নং বেটেলিয়ানৰ উদ্যোগত চিৰাং জিলাৰ ভাৰত- ভূটান সীমান্ত এলেকাৰ বিভিন্ন গাঁৱত বসবাস কৰা দুখীয়া ঘৰৰ ১৬ গৰাকী স্কুলীয়া ছাত্ৰ-ছাত্ৰীক শিক্ষামূলক ভ্ৰমণৰ উদ্দেশ্যে ৰাজ্যৰ ৰাজধানী গুৱাহাটীলৈ প্ৰেৰণ কৰাৰ কাৰ্য্যসূচী গ্ৰহণ হয় ।

সেইমৰ্মে বৃহস্পতিবাৰে এচ এচ বিৰ ১৫ নং বেটেলিয়ানৰ কমান্ডেণ্ড চৰ্দাৰ সিং চৌহানে ডেপুটি কমাণ্ডেণ্ট অৰবিন্দ কুমাৰ চৌধাৰী আৰু নবীন কুমাৰ শ্বাহৰ উপস্থিতিত শুভেচ্ছাবাণীৰ সৈতে পতাকা জোকাৰি শিক্ষামূলক ভ্ৰমণৰ উদ্দেশ্যে ৰাওনা হোৱা ছাত্ৰী ছাত্ৰীৰ দলটোৰ বাছ যাত্ৰাৰ শুভাৰম্ভ কৰে । কাজলগাঁৱৰ পৰা গুৱাহাটীলৈ যাত্ৰা কৰা ১৬ গৰাকী ছাত্ৰ-ছাত্ৰীক এচ এচ বিৰ ফালৰ পৰা ট্ৰেকছ্যুট লগতে অন্যান্য লাগতিয়াল সা-সামগ্ৰী উপহাৰ হিচাপে আগবঢ়োৱা হয় ।

শিক্ষামূলক ভ্ৰমণ কালত ছাত্ৰ-ছাত্ৰীৰ দলটো গুৱাহাটীৰ ৰাজ্যিক চিৰিয়াখানা, যাদুঘৰ, কলাক্ষেত্ৰ আদি কৰি অন্যান্য ঠাই পৰিদৰ্শন কৰিব । শিক্ষামূলক ভ্ৰমণত যোৱা ছাত্ৰ-ছাত্ৰীৰ দলটোৰ নেতৃত্ব বহন কৰিছে পৰিদৰ্শক পৱন কুমাৰে ।

১৮ মাৰ্চত ছাত্ৰ-ছাত্ৰীৰ দলটো উভতি আহি নিজৰ অভিজ্ঞতা ভাগ-বতৰা কৰিব বুলি এচ এচ বিৰ বিষয়-ববীয়াই জানিবলৈ দিয়ে ।

কাজলগাঁৱত এচ এচ বিৰ উদ্যোগত দুখীয়া ছাত্ৰ-ছাত্ৰীক প্ৰেৰণ শিক্ষামূলক ভ্ৰমণলৈ
ধুবুৰীত সীমান্ত সুৰক্ষা বাহিনীৰ উদ্যোগত দুখীয়া ৰাইজৰ মাজত বিনামূলীয়াকৈ সামগ্ৰী বিতৰণ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in