ধুবুৰীত সীমান্ত সুৰক্ষা বাহিনীৰ উদ্যোগত দুখীয়া ৰাইজৰ মাজত বিনামূলীয়াকৈ সামগ্ৰী বিতৰণ

অঞ্চলৰ দুখীয়া লোকসকলৰ উন্নয়নৰ বাবে বিনামূলীয়াকৈ ছোলাৰ লাইট আৰু চশমা আদি বিতৰণ
ধুবুৰীত সীমান্ত সুৰক্ষা বাহিনীৰ উদ্যোগত দুখীয়া ৰাইজৰ মাজত বিনামূলীয়াকৈ সামগ্ৰী বিতৰণ

ডিজিটেল সংবাদ, ধুবুৰী : ধুবুৰীৰ ভাৰত-বাংলাদেশ সীমান্তৰ শিয়ালদহত ১৯ নম্বৰ সীমান্ত সুৰক্ষা বাহিনীৰ উদ্যোগত বৃহস্পতিবাৰে বিনামূলীয়াকৈ সামগ্ৰী বিতৰণ কৰা হয়। ১৯ নম্বৰ সীমান্ত সুৰক্ষা বাহিনীৰ কমাণ্ডেণ্ট সতিন্দ্ৰাৰা গিৰিৰ নেতৃত্বত সামগ্ৰী বিতৰণ সভাখন অনুষ্ঠিত হয় ৷

সীমান্ত অঞ্চলৰ স্কুলসমূহত ছাত্ৰ-ছাত্ৰীৰ মাজত বিনামূলীয়াকৈ চকী-মেজ বিতৰণ কৰা হয়। লগতে সীমান্ত অঞ্চলৰ তিস্তাপাৰা, ঘিউমাৰী, গাছপাৰা, পাঠামাৰী,টাকিমাৰী , ভোগডহ ,আদি অঞ্চলৰ দুখীয়া লোকসকলৰ উন্নয়নৰ বাবে বিনামূলীয়াকৈ ছোলাৰ লাইট আৰু চশমা আদি বিতৰণ কৰা হয়।

আজিৰ এই সামগ্ৰী বিতৰণী অনুষ্ঠানত সীমান্ত সুৰক্ষা বাহিনীৰ লগতে অঞ্চলটোৰ ভালেমান পুৰুষ মহিলাকে ধৰি স্থানীয় পঞ্চায়তৰ প্ৰতিনিধিসকল উপস্থিত থাকে ৷

ধুবুৰীত সীমান্ত সুৰক্ষা বাহিনীৰ উদ্যোগত দুখীয়া ৰাইজৰ মাজত বিনামূলীয়াকৈ সামগ্ৰী বিতৰণ
বাজেট ২০২৩-২৪ : নৱম শ্ৰেণীত উৰ্ত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীলৈ টেবলেট-চাইকেল !

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in