বৰমাত এবছু-বড়ো সাহিত্য সভাৰ মাজত শৈক্ষিক দিশৰ ওপৰত বিশেষ আলোচনা...

বাক্সা জিলাৰ বৰমাত আজি নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত নিখিল বড়ো ছাত্ৰ সন্থা আৰু বড়ো সাহিত্য সভাৰ মাজত শৈক্ষিক দিশত এক বিশেষ আলোচনা অনুষ্ঠিত হয়...

author-image
Asomiya Pratidin
New Update
বৰমাত এবছু-বড়ো সাহিত্য সভাৰ মাজত শৈক্ষিক দিশৰ ওপৰত বিশেষ আলোচনা...

ডিজিটেল ডেস্ক, বৰমা: বাক্সা জিলাৰ বৰমাত সোমবাৰে নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত নিখিল বড়ো ছাত্ৰ সন্থা আৰু বড়ো সাহিত্য সভাৰ মাজত শৈক্ষিক দিশত এক বিশেষ আলোচনা অনুষ্ঠিত হয়। সভাখন সঞ্চালনা কৰে নিখিল বড়ো ছাত্ৰ সন্থাৰ উপ সভাপতি খৌৰৌমদাও ঔৱাৰীয়ে।

Advertisment

উক্ত সভাখন উদ্বোধন কৰে বড়ো সাহিত্য সভাৰ উপ সভাপতি প্ৰশান্ত বড়োয়ে। সভাত উপস্থিত থাকে বড়ো সাহিত্য সভাৰ সভাপতি ড০ সুৰথ নাৰ্জাৰী, সাধাৰণ সম্পাদক নিলকান্ত গয়াৰী, উপ সভাপতি সীতাৰাম বসুমতাৰী, এবছুৰ সাধাৰণ সম্পাদক খনিন্দ্ৰ বসুমতাৰী, সহকাৰী সাধাৰণ সম্পাদক দিনেশ ব্ৰহ্ম, অধ্যক্ষ অবিত নাৰ্জাৰী, ক্ৰীড়া সম্পাদক গনেশ বসুমতাৰী, সাহিত্য অকাডেমী বঁটা প্ৰাপ্ত দেওবাৰ ৰামছিয়াৰী, ৰশ্মি চৌধুৰী, বড়ো অধ্যাপক, শিক্ষক-শিক্ষয়ত্ৰীৰ লগতে কেন্দ্ৰীয় এবছু আৰু বড়ো সাহিত্য সভাৰ বহু বিষয়-ববীয়া-কৰ্মী সকলে অংশগ্ৰহণ কৰে।

Also Read: যুৱ গায়কে জিনিলে দেশবাসীৰ মন...

Bodoland Territorial Area District