/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-24/3hv6l4ad/AP-FOR-WEB-kaziranga-1.jpg)
ডিজিটেল সংবাদ,কাজিৰঙাঃ যি সময়ত ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙাক সুৰক্ষিত কৰাৰ বাবে পৰিৱেশ সংৰক্ষণৰ সৈতে জড়িত দল-সংগঠন তথা সচেতন লোকে দাবী উত্থাপন কৰি আহিছে, সেই সময়ত চৰকাৰী পৃষ্ঠপোষকতাতে কাজিৰঙাৰ চৌপাশৰ পৰিৱেশ বিনষ্ট কৰিবলৈ নামি পৰিছে একাংশ লোক।
উচ্চতম ন্যায়ালয়ে ইক' চেনছিটিভ জ'নৰ জৰিয়তে ৰাষ্ট্ৰীয় উদ্যানসমূহৰ সুৰক্ষা প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়াৰ পাছতো আজিকোপতি এই নিৰ্দেশনা কাৰ্যকৰী কৰা নাই ৰাজ্য চৰকাৰে। তাকে লৈ জাঙুৰ খাই উঠিছে বিশিষ্ট সাংবাদিক ৰাজীৱ ভট্টাচাৰ্য।
এই সন্দৰ্ভত আজি গুৱাহাটী উচ্চ ন্যায়ালয়ত বিশিষ্ট সাংবাদিক ৰাজীৱ ভট্টাচাৰ্যই পিআইএল নং 47/2024 যোগে এখন অভিযোগ পত্ৰ দাখিল কৰে। ২০০৬ চনত উচ্চতম ন্যায়ালয়ে কাজিৰঙাক ইক' চেনছিটিভ জ'ন হিচাপে ঘোষণা কৰিবলৈ নিৰ্দেশ প্ৰদানৰ পাছতো এই নিৰ্দেশনা অগ্ৰাহ্য কৰা বুলি অভিযোগ পত্ৰত ভট্টাচাৰ্যই উল্লেখ কৰে।
পত্ৰখনত তেওঁ উল্লেখ কৰে যে, বিশ্ব ঐতিহ্য ক্ষেত্ৰ হোৱা স্বত্বেও কাজিৰঙাক আজিকোপতি ইক’ চেনছিটিভ জ’ন হিচাপে ঘোষণা নকৰিলে চৰকাৰে। ২০০২ চনত কেন্দ্ৰই সকলো ৰাষ্ট্ৰীয় উদ্যান আৰু বন্যপ্ৰাণী অভয়াৰণ্যক ইক' চেনছিটিভ জ'ন ঘোষণা কৰাৰ সিদ্ধান্ত লৈছিল। চৰ্ত অনুসৰি এই সিদ্ধান্ত কাৰ্যকৰী কৰাটো ৰাজ্য চৰকাৰৰ দায়িত্ব আছিল।
২০০৬ চনত উচ্চতম ন্যায়ালয়ে সকলো ৰাজ্য চৰকাৰক ইক' চেনছিটিভ জ'ন ঘোষণা কৰাৰ নিৰ্দেশ দিছিল। GoA-এ তিনিবাৰকৈ এই প্ৰস্তাৱ কেন্দ্ৰলৈ প্ৰেৰণ কৰিছিল যদিও তিনিওটা প্ৰস্তাৱ অসম্পূৰ্ণ আছিল বুলি এক প্ৰেছ বিজ্ঞপ্তিত উল্লেখ কৰে। কেন্দ্রই অসম চৰকাৰক কেএনপিৰ সন্দর্ভত ‘ইণ্টিগ্রেটেড কৰিড’ৰ’ বনাবলৈ নিৰ্দেশ দিছিল যদিও কোনো ব্যৱস্থা নল'লে ৰাজ্য চৰকাৰে ৷
উচ্চতম ন্যায়ালয় আৰু কেন্দ্ৰৰ নিৰ্দেশক অৱমাননা কৰা বাবে আজি গুৱাহাটী উচ্চ ন্যায়ালয়ত অভিযোগ নামা দাখিল কৰি চিবিআই তদন্তৰ দাবী কৰিছে বিশিষ্ট সাংবাদিক ৰাজীৱ ভট্টাচাৰ্যই। উল্লেখ্য যে, ৯৮ পৃষ্ঠাজোৰা পত্ৰখনত ভট্টাচাৰ্যই আৰু কেবাটাও বিষয় উল্লেখ কৰিছে।
Also Read: ৰঙাচকুৱাত দেউচী ভইলী আৰু সংগিনী নৃত্য প্ৰতিযোগিতাৰ আয়োজন