গুৱাহাটীত উপস্থিত নিৰ্বাচনী আয়োগৰ দল, সমষ্টি পুনৰ নিৰ্ধাৰণৰ ক্ষেত্ৰত হ'ব শুনানি

গুৱাহাটীত উপস্থিত নিৰ্বাচনী আয়োগৰ দল। দলটোত আছে মুঠ ৫জন সদস্য।

author-image
Asomiya Pratidin
New Update
 গুৱাহাটীত উপস্থিত নিৰ্বাচনী আয়োগৰ দল, সমষ্টি পুনৰ নিৰ্ধাৰণৰ ক্ষেত্ৰত হ'ব শুনানি

ডিজিটেল ডেস্কঃ গুৱাহাটীত উপস্থিত নিৰ্বাচনী আয়োগৰ দল। দলটোত আছে মুঠ ৫জন সদস্য। উপস্থিত মুখ্য নিৰ্বাচনী আয়ুক্ত ৰাজীৱ কুমাৰ, নিৰ্বাচনী আয়ুক্ত অনুপ পাণ্ডে, নিৰ্বাচনী বিষয়া অৰুণ গোয়েল, উপ নিৰ্বাচনী বিষয়া ধৰ্মেন্দ্র শৰ্মা আৰু আৰ.কে গুপ্তা।

Advertisment

শংকৰদেৱ কলাক্ষেত্রত দিনৰ ২ বজাৰ পৰা হ’ব শুনানি। ১৯, ২০, ২১ জুলাইত তিনিদিনীয়াকৈ অনুষ্ঠিত হ'ব শুনানি প্ৰক্ৰিয়া।

প্ৰথম দিনাৰ কাৰ্যসূচী অনুসৰি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত কামৰূপ মহানগৰ, পশ্চিম কাৰ্বি আংলং, চিৰাং বাক্সা, ডিমা হাচাও, কামৰূপ, ওদালগুৰি আৰু কোকৰাঝাৰ জিলাৰ আপত্তিৰ সন্দৰ্ভত প্ৰতিনিধিৰে আলোচনাত বহিব দলটি।

পূৰ্বে জাৰি কৰা এক জাননী অনুসৰি কলাক্ষেত্ৰৰ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহৰ ৩ নং হলত কামৰূপৰ প্ৰতিনিধিৰে আৰু শ্ৰীশ্ৰী মাধৱদেৱ প্ৰেক্ষাগৃহত ওদালগুৰি, কাৰ্বি আংলং আৰু কোকৰাঝাৰ তথা আন জিলাসমূহৰ প্ৰতিনিধিৰে বহিব বৈঠক।

ইপিনে এই শুনানি গ্ৰহণৰ সময়ত যাতে কোনো অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি নহয় তাৰ বাবে সাজু হৈছে প্ৰশাসন। সম্পূৰ্ণ কটকটীয়া নিৰাপত্তী বেষ্টনীৰে ইতিমধ্যেই সাজু হৈছে কলাক্ষেত্ৰৰ বাকৰি। উল্লখ্য নিৰ্বাচনী আয়োগৰ নিৰ্দেশনা অনুসৰি বৈঠকৰ সময়ত প্ৰতিনিধিয়ে বন্ধ কৰি ৰাখিব লাগিব মোবাইল ফোন।

Also Read: লখিমপুৰত আটক হিন্দু যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সভাপতি বলেন বৈশ্য

Assam police eci