ধেমাজিত মিচিং সাহিত্য সভাৰ ই- লাইব্ৰেৰী উন্মোচন...

ধেমাজিত মিচিং সাহিত্য সভাৰ  ই- লাইব্ৰেৰী উন্মোচন...

ডিজিটেল সংবাদ, ধেমাজি : ধেমাজি কাড়িচুকত অৱস্থিত মিচিং আগম কেবাঙৰ মুখ্য কাৰ্যালয়ত শনিবাৰে মিচিং আগম কেবাঙৰ "ই লাইব্ৰেৰী" উন্মোচন কৰে মিচিং স্বায়ত্ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই ৷ ইয়াৰ আগে উন্মোচক তথা মুখ্য অতিথি চায়েঙীয়াক আগম কেবাঙৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ মূল তোৰণৰ পৰা ধেমাজি টাউন আনে কেবাঙৰ সাংস্কৃতিক দলটিয়ে মিচিং পৰম্পৰাগত গীত-নৃত্যৰে আদৰণি জনায়।

এই উপলক্ষে মিচিং আগম কেবাঙৰ সভাপতি গোবিন্দ টাইডৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনিৰ উদ্দেশ্য ব্যাখ্যা কৰে মিচিং আগম কেবাঙৰ প্ৰধান সচিব ডিম্বেশ্বৰ দলেয়ে ৷ সভাত উন্মোচক পৰমানন্দ চায়েঙীয়াই বক্তব্যত বৰ্তমানে বিশ্বায়নৰ যোগত আগম কেবাঙৰ ই এক ঐতিহাসিক পদক্ষেপ বুলি উল্লেখ কৰে।

" সাম্প্ৰতিক পৃথিৱীৰ সৈতে খোজ মিলাই চলিবলৈ হ'লে প্ৰযুক্তি বিদ্যাৰ সুব্যৱহাৰ আমি কৰিবই লাগিব বুলি উল্লেখ কৰি বৌদ্ধিক বিকাশৰ ক্ষেত্ৰত ইলেকট্ৰনিক লাইব্ৰেৰীসমূহৰ ভূমিকা অতুলনীয় উল্লেখ কৰে ৷ সভাত ই-লাইব্ৰেৰী উন্মোচনৰ কাৰিকৰী ব্যৱস্থাপনাৰ আঁত ধৰে ডাঃ অনিল পেগুৱে ৷

সভাপতিৰ মন্তব্যত মিচিং আগম কেবাঙৰ সভাপতি গোবিন্দ টাইদে সাম্প্ৰতিক সময়ত "ই লাইব্ৰেৰী" গুৰুত্ব সম্পৰ্কে গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰে।

সভাত মিচিং আগম কেবাঙৰ প্ৰাক্তন উপ- সভাপতি হৰিনাৰায়ন পেগু , মিচিং আগম কেবাঙৰ উপ- সভাপতিদ্বয় ৰবীন পাতিৰি, গোবিন নৰহ আৰু প্ৰাক্তন সচিব তথা অসম চৰকাৰৰ সাহিত্যিক পেন্সন বটা প্ৰাপক কলিনাথ পাঙগিঙে উপস্থিত থাকে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in