জোনমণি ৰাভাৰ মৃত্যুৰ লগতে বহু কেলেংকাৰীৰ ন্যায়িক তদন্তৰ দাবী ডি ৱাই এফ আইৰ

জোনমণি ৰাভাৰ মৃত্যুৰ লগতে বহু কেলেংকাৰীৰ ন্যায়িক তদন্তৰ দাবী  ডি ৱাই এফ আইৰ

ডিজিটেল ডেস্কঃ আৰক্ষী উপ-পৰিদৰ্শক জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ পাছতেই অসম আৰক্ষীৰ এটাৰ পিছত আনটো বিস্ফোৰক কাহিনী পোহৰলৈ আহিছে৷ বিপ্লৱ কুমাৰ শৰ্মা ন্যায়িক আয়োগে দোষী সাব্যস্ত কৰা আৰু অসম পুলিচৰ অভিযোগনামাত নাম সন্নিবিষ্ট এচাম ঠগ প্ৰৱঞ্চনা আৰু জালিয়াতিৰে বাচনিভুক্ত বিষয়াৰেই যেন চলিছে অসম আৰক্ষী তথা ৰাজ্যৰ প্ৰশাসন ।

এজনৰ পিছত আন এজন লাট মণ্ডল বা তাৰ তলৰ খাপৰ চৰকাৰী কৰ্মচাৰীক দুৰ্নীতিৰ গোচৰত গ্ৰেপ্তাৰ কৰি বাহঃ বাহঃ লৈছে অসম আৰক্ষীয়ে। কিন্তু আৰক্ষী বিভাগৰ ভিতৰচ'ৰাৰ ভয়ংকৰ দুৰ্নীতি আৰু অপৰাধ জগতৰ সৈতে থকা মধুৰ সম্পৰ্কৰ ছবিখন জোনমণি ৰাভাৰ ঘটনাই যেন স্পষ্ট কৰিলে৷

লগতে পোহৰলৈ আহিছে নগাঁও আৰু উত্তৰ লক্ষীমপুৰৰ নকল সোণ আৰু জাল নোট চক্ৰৰ সৈতে জিলাদুখনৰ আৰক্ষীৰ শীৰ্ষ মহল পৰ্যন্ত থকা গোপন বুজাবুজি৷ আন এক গুৰুত্বপূৰ্ণ কথা হ’ল জোনমণি ৰাভাৰ মাকে এজাহাৰত উল্লেখ কৰা নগাঁওৰ আৰক্ষী অধীক্ষক লীনা দলেক বৰ্খাস্ত অথবা গ্ৰেপ্তাৰ কৰাৰ পৰিৱৰ্তে এইখন চৰকাৰে অন্য এখন জিলাৰ অধীক্ষক পাতি পুৰস্কৃতহে কৰিলে৷ এই ঘটনাই হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰখনে প্ৰকৃততে যে এচাম অভিযুক্ত আৰক্ষী তথা ৰাজপত্ৰিত বিষয়াক সুৰক্ষা দি আহিছে - সেই অভিযোগৰ পুনৰ প্ৰমাণিত কৰিলে৷

উল্লেখযোগ্য যে ৰাজ্য কঁপোৱা অসম লোকসেৱা আয়োগৰ নিযুক্তি কেলেংকাৰীৰ ক্ষেত্ৰত গঠন কৰা ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগে প্ৰায় ৩৪ জন ৰাজপত্ৰিত আৰু আৰক্ষী বিষয়াক ঠগ প্ৰবঞ্চনাৰে বাচনিভূক্ত হোৱা বুলি উল্লেখ কৰে৷ লগতে ২০১৩ বৰ্ষৰ সেই সমগ্ৰ অসামৰিক সেৱা পৰীক্ষাটোৱেই চূড়ান্ত বেআইনীভাৱে অনুষ্ঠিত হোৱা বুলি প্ৰকাশ কৰিছিল ৷ কিন্তু অসম চৰকাৰে বিগত বৰ্ষৰ ২ এপ্ৰিলত গ্ৰহণ কৰা এই প্ৰতিৱেদন আজি পৰ্যন্ত কাৰ্যকৰী নকৰিলে ৷ আনকি প্ৰতিবেদন ৰাজহুৱা কৰাৰ সৎ সাহস এইখন চৰকৰৰ নহ’ল৷ বৰং একাংশ ঠগ-প্ৰবঞ্চনাৰে বাচনিভূক্ত আৰক্ষী আৰু ৰাজপত্ৰিত বিষয়াক পদোন্নতিৰে পুৰস্কৃত কৰিলে৷

জোনমণি ৰাভাত ৰহস্যজনক মৃত্যুৰ পিছত একাংশ আৰক্ষী-মাফিয়াৰ নাম সাঙোৰ খাই পৰিছে ৷ এই ঘটনাত নাম সাঙোৰ খাই পৰা নগাঁও আৰু লক্ষীমপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ক্ৰমে ৰুণা নেওঁগ আৰু ৰূপজ্যোতি কলিতাও এই বিতৰ্কিত ২০১৩ বৰ্ষৰেই বাচনিভূক্ত বিষয়া অৰ্থাৎ ন্যায়িক আয়োগৰ ভাষাত কবলৈ গ’লে মজ্জাগতভাৱে অবৈধ(Systemic illegalities) কৰ্মকাণ্ডৰ ফচল ৷ গতিকে এক বেআইনী নিযুক্তি প্ৰক্ৰিয়াৰ দ্বাৰা বাছনিভূক্ত বিষয়াৰ পৰা আমিএনেধৰণৰ কৰ্মকাণ্ডতকৈ বেলেগ আশা কৰিব নোৱাৰো ৷

আনকি নগাঁওৰ অধীক্ষক লীনা দলেও মুখ্যমন্ত্ৰীৰ ভাতৃ সুশান্ত বিশ্ব শৰ্মা লগত একে বছৰতে আয়োগৰ আন এজন কলংকিত অধ্যক্ষ তাৰাপ্ৰসাদ দাসৰ আমোলত বাছনিভূক্ত হৈছিল ৷ কেৱল এয়াই নহয়, আনকি ২০১৯ চনতেই অসম আৰক্ষীয়ে ঠগ, প্ৰবঞ্চনা, ষড়যন্ত্ৰ আৰু দুৰ্নীতিৰে বাছনিভূক্ত হোৱা বুলি অভিযোগ নামাত উল্লেখ কৰা ৰাকেশ পালৰ আমোলৰ ৩৫ জন কৃষি উন্নয়ন বিষয়াই এতিয়া দপদপাই চাকৰি কৰি আছে ৷

ইয়াৰে এগৰাকী আকৌ শেহতীয়াকৈ আৰক্ষীৰ দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ জালত পৰিছে ৷ গতিকে এইবোৰ ঘটনাৰ দ্বাৰা প্ৰমাণিত হৈছে যে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনৰ পৃষ্ঠপোষকতাতেই প্ৰশাসনিক ব্যৱস্থাটো একপ্ৰকাৰৰ অপৰাধীকৰণৰ দিশে গতি কৰিছে ৷ এইক্ষেত্ৰত আৰক্ষীৰ অপৰাধীকৰণৰ ছবিখন আটাইতকৈ ভয়ংকৰ৷ যাৰ জলন্ত উদাহৰণ শেহতীয়া এই জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যু আৰু পৰৱৰ্তীকালত উদঘাটন হোৱা আন বহু ভয়াবহ তথ্য৷

শুকুৰবাৰে গুৱাহাটীৰ ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন [ডি ৱাই এফ আই]ৰ অসম ৰাজ্যিক কমিটিৰ কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত সংগঠনটোৰ ৰাজ্যিক সম্পাদক ৰিতু ৰঞ্জন দাস আৰু যুটীয়া সম্পাদক নিৰংকুশ নাথে উক্ত বিষয়সমূহ উত্থাপন কৰে। লগতে অসম চৰকাৰক জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ লগতে এই ঘটনাৰ পিছত পোহৰলৈ অহা অসম আৰক্ষীৰ অপৰাধীকৰণৰ তথা কেলেংকাৰীৰ ভয়াবহ তথ্যসমূহৰ ন্যায়িক তদন্তৰ দাবী জনায় ।

লগতে অতি শীঘ্ৰেই ন্যায়াধীশ শৰ্মা আয়োগৰ প্ৰতিবেদন ৰাজহুৱা কৰি দোষী সাব্যস্ত কৰা বিষয়া আৰু অসম পুলিছে অভিযোগ নামাত নাম উল্লেখ কৰা বিষয়াৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ ল’বলৈ দাবী উত্থাপন কৰে৷

জোনমণি ৰাভাৰ মৃত্যুৰ লগতে বহু কেলেংকাৰীৰ ন্যায়িক তদন্তৰ দাবী  ডি ৱাই এফ আইৰ
পুনৰ বৃদ্ধি পালে বিদ্যুৎ মাচুল...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in