এনাজৰীৰ অসম ভিত্তিক কবিতা প্রতিযোগিতাৰ ফলাফল ঘোষণা

'এনাজৰী'ৰ অসম ভিত্তিক কবিতা প্রতিযোগিতাৰ ফলাফল ঘোষণা। ১৫ অক্টোবৰত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত বঁটা প্ৰদান অনুষ্ঠান...

author-image
Asomiya Pratidin
New Update
এনাজৰীৰ অসম ভিত্তিক কবিতা প্রতিযোগিতাৰ ফলাফল ঘোষণা

ডিজিটেল সংবাদ, গুৱাহাটী : উত্তৰ-পূৰ্বাঞ্চলৰ অগ্ৰণী সামাজিক-সাংস্কৃতিক সংস্থা 'এনাজৰী'ৰ উদ্যোগত সদৌ অসম ভিত্তিত অনুষ্ঠিত কবিতা প্রতিযোগিতাৰ ফলাফল ঘোষণা কৰা হৈছে। এনাজৰীৰ সভাপতি জয়ন্ত হাজৰিকা আৰু সাধাৰণ সম্পাদক অলকেশ ৰঞ্জন ভট্টাচার্যই এই সন্দৰ্ভত সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰিছে এক প্ৰেছ বিজ্ঞপ্তি। বিজ্ঞপ্তি অনুসৰি গোলাঘাটৰ দিব্যজ্যোতি বৰুৱাই 'মাটি মৃদঙৰ সুৰবোৰ' কবিতাৰ বাবে প্ৰথম স্থান লাভ কৰিছে। 'বুকুৰ সম্পৰ্কবোৰ আৰু কাঢ়ি নিনিবা চে'লফোন' কবিতাৰ বাবে ঢেকিয়ালৰ দেৱব্ৰত শ‍ইকীয়াই দ্বিতীয় স্থান অধিকাৰ কৰিছে।

Advertisment

আনহাতে যুটীয়াভাৱে তৃতীয় স্থান লাভ কৰিছে 'বেলিটোতকৈ জোনটোৱে বেছি জানে’ কবিতাৰ বাবে ধেমাজিৰ চিলাপথাৰৰ নৱকান্ত বৰুৱা আৰু 'মাছৰ জোল' কবিতাৰ বাবে নলবাৰীৰ বৰভাগৰ হীৰকজ্যোতি বৰুৱাই। তদুপৰি তেজপুৰৰ ধৰিত্ৰী শ্ৰাৱণে “ম‍ই ৱালিচাই কৈছো' কবিতাৰ বাবে চতুর্থ স্থান লাভ কৰিছে। ইপিনে পঞ্চম স্থান লাভ কৰিছে 'মৃত্যুৰ বিৰুদ্ধে শেষ প্ৰতিবাদ' কবিতাৰ বাবে গুৱাহাটীৰ ভাস্কৰজ্যোতি পাঠকে। লগতে বিচাৰকৰ বিশেষ পুৰস্কাৰ লাভ কৰিছে 'মোৰ দেশভক্তি' কবিতাৰ বাবে মৰিগাঁৱৰ নীহাৰিকা দেৱী আৰু 'চহৰখনৰ শেষ সন্ধিয়াটো” কবিতাৰ বাবে গুৱাহাটীৰ লক্ষ্মী মিশ্রই।

উল্লেখয্যোগ যে এই প্রতিযোগিতাখনিত অসমৰ বিভিন্ন প্ৰান্তৰ ভিন্ন বয়সৰ ২৭৮৯গৰাকী প্রতিযোগীয়ে অংশগ্ৰহণ কৰিছিল। অহা ১৫ অক্টোবৰত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মাধবদেৱ প্রেক্ষাগৃহত এক গাম্ভীর্যপূর্ণ অনুষ্ঠান পুৰষ্কাৰসমূহ প্ৰদান কৰা হ'ব।

Also Read: নগাঁৱত দেহ ব্যৱসায়ীৰ টাৰ্গেট মহাবিদ্যালয়ৰ ছাত্ৰী...

poet poem