বামুণীত মাৰ্বলৰ দুৰ্গা প্ৰতিমাৰ প্ৰাণ প্রতিষ্ঠাৰ দ্বিতীয় বাৰ্ষিকী উদযাপনৰ সামৰণী অনুষ্ঠান

১০৮ বাৰ হনুমান চালিছা পাঠ , যজ্ঞৰ পূৰ্ণাহুতি আৰু নিশালৈ স্থানীয় দিহানাম দলৰ দ্বাৰা দিহানাম প্ৰদৰ্শন কৰা হ'ব বুলি উদযাপন সমিতিয়ে জানিবলৈ দিয়ে
বামুণীত মাৰ্বলৰ দুৰ্গা প্ৰতিমাৰ প্ৰাণ প্রতিষ্ঠাৰ দ্বিতীয় বাৰ্ষিকী উদযাপনৰ সামৰণী অনুষ্ঠান

ডিজিটেল সংবাদ , বঢ়মপুৰ : বিভিন্ন জাতি-জনগোষ্ঠীয় লোকৰ সমন্বয়ৰথলী বঢ়মপুৰৰ বামুনীত মঙলবাৰে মাৰ্বলৰ দুৰ্গা প্ৰতিমাৰ প্ৰাণ প্রতিষ্ঠাৰ দ্বিতীয় বাৰ্ষিকী অনুষ্ঠানৰ সামৰণী পৰে ৷ বঢ়মপুৰৰ বামুণীস্থিত আঞ্চলিক সাৰ্বজনীন দুৰ্গা মন্দিৰ প্ৰাংগণত হোম যজ্ঞৰে সামৰণী পৰিল দুদিনীয়া কাৰ্য্যসূচী ।

সেই উপলক্ষে মন্দিৰৰ চাৰিওফালে বাস কৰা বিভিন্ন জাতি-জনগোষ্ঠীয় ভক্তসকলে আহি এক আধ্যাত্মিক পৰিৱেশৰ মাজত ধূপ-দ্বীপ নৈবদ্যৰে দেৱী মাৰ ওচৰত মংগল কামনাৰে সেৱা জনায় । পুৱা ৯ বজাৰে পৰা মন্দিৰ প্ৰাংগনত উদুলি-মুদুলি পৰিৱেশৰ মাজেৰে সম্পন্ন হয় পূজা পাঠ, হোম যজ্ঞ আৰু পূৰ্ণাহুতি অনুষ্ঠান ।

আনফালে ঐতিহ্যাসিক বঢ়মপুৰৰ মাজমজিয়াত অৱস্থিত নৱনিৰ্মিত হনুমান মন্দিৰত আজিৰে পৰা আৰম্ভ হৈছে ১৯ তম বাৰ্ষিক শ্ৰী শ্ৰী হনুমান জয়ন্তী মহোৎসৱ অনুষ্ঠান । সেই উপলক্ষে আজি পুৱা ৮ বজাত ধৰ্মধ্বজা উত্তোলন , অঞ্চলৰ মহিলাসকলৰ দ্বাৰা জলযাত্ৰা , ৰামায়ণ পাঠ আৰু আৰতি অনুষ্ঠান অনুষ্ঠিত হয় ।

উল্লেখ্য যে , হনুমান জয়ন্তীৰ অন্তিম দিনা অৰ্থাৎ বৃহস্পতিবাৰে বিয়লি ১২ বজাৰ পৰা ১০৮ বাৰ হনুমান চালিছা পাঠ , যজ্ঞৰ পূৰ্ণাহুতি আৰু নিশালৈ স্থানীয় দিহানাম দলৰ দ্বাৰা দিহানাম প্ৰদৰ্শন কৰা হ'ব বুলি উদযাপন সমিতিয়ে জানিবলৈ দিয়ে।

বামুণীত মাৰ্বলৰ দুৰ্গা প্ৰতিমাৰ প্ৰাণ প্রতিষ্ঠাৰ দ্বিতীয় বাৰ্ষিকী উদযাপনৰ সামৰণী অনুষ্ঠান
বিজনীত বৃহৎ পৰিমাণৰ জালনোটসহ দুজনক গ্ৰেপ্তাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in