বিজনীত বৃহৎ পৰিমাণৰ জালনোটসহ দুজনক গ্ৰেপ্তাৰ

আৰক্ষীয়ে অধিক তথ্যৰ বাবে ধৃত জালনোট সৰবৰাহকাৰী দুজনক সোধ পোছ অব্যাহত ৰাখিছে বুলি জনায়
বিজনীত বৃহৎ পৰিমাণৰ জালনোটসহ দুজনক গ্ৰেপ্তাৰ

ডিজিটেল সংবাদ, চিৰাং : চিৰাং জিলাৰ বিজনীত মঙ্গলবাৰে বৃহৎ পৰিমাণৰ জাল নোটসহ দুজন প্ৰৱঞ্চকক আৰক্ষীয় গ্ৰেপ্তাৰ কৰে । জানিব পৰা মতে বিজনীৰ শিয়ালমাৰীৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত জালনোট লেনদেন কৰাৰ সময়তে দুজন প্ৰবঞ্চকক স্থানীয় ৰাইজে হাতে-লোটে ধৰা পেলাই আৰক্ষীৰ হাতত গতাই দিয়ে ।

জালনোটৰ সৰবৰাহ কৰা ধৃত প্ৰৱঞ্চক দুজন ক্ৰমে মিজোৰামৰ ৰিংচাংগা মিজো (৪০) আৰু বিজনীৰ চাৰাগাঁৱৰ চাহাবুদ্দিন হুছেইন(১৭) বুলি চিনাক্ত কৰা হৈছে । আৰক্ষীয়ে প্ৰৱঞ্চক দুটাৰ পৰা বৃহৎ পৰিমাণৰ ৫০০ টকীয়া জাল নোট, এ এচ - ২৬ ই -৭০৬৫ পঞ্জীয়ন নম্বৰৰ স্কুটী, ২ টাকৈ মোবাইল হেণ্ডচেট জব্দ কৰে ।

আৰক্ষীয়ে অধিক তথ্যৰ বাবে ধৃত জালনোট সৰবৰাহকাৰী দুজনক সোধ পোছ অব্যাহত ৰাখিছে বুলি জনায় ।

বিজনীত বৃহৎ পৰিমাণৰ জালনোটসহ দুজনক গ্ৰেপ্তাৰ
ধিং মহাবিদ্যালয় ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ উদ্যোগত সপ্তাহজোৰা বিশেষ শিবিৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in