/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/8bdc0493-c1d2-4713-877d-bbe64a5d4c6e/AP_FOR_WEB_durga.jpg)
ডিজিটেল ডেস্কঃ ঋণৰ বোজাত ককবকাই থকা অসমৰ বিজেপি চৰকাৰে ৰাজহ সংগ্ৰহৰ বাবে সকলো ক্ষেত্ৰতে কৰ আৰোপ কৰি সৰ্বসাধৰ জনতাক এতিয়া জ্বলাকলা খুৱাবলৈ আৰম্ভ কৰিছে৷ বিদ্য়ুতৰ মাচুল বৃদ্ধি, পৌৰ কৰ বৃদ্ধি, পৰিবহণ কৰ বৃদ্ধি আদিৰ পিছত এইবাৰ ধৰ্মীয় অনুষ্ঠানকো কৰৰ ভিতৰত সামৰি লৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বধীন বিজেপি চৰকাৰে৷
এইবাৰ কৰৰ ফন্দিৰ পৰা সৰি যোৱা নাই সাতামপুৰুষীয়া শাৰদীয় দুৰ্গোৎসৱো ৷ শেহতীয়াকৈ চৰকাৰে আগন্তুক দুৰ্গা পূজা আয়োজনৰ অনুমতিৰ বাবেও মাচুল ধাৰ্য কৰিছে৷ ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তক হঠকাৰী আখ্য দিছে অসম তৃণমূল কংগ্ৰেছৰ সভাপতি তথা ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ ৰিপুন বৰাই৷
এক ভিডিঅ’ বাৰ্তযোগে শুকুৰবাৰে অসম তৃণমূল কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কয় যে- দুৰ্গা পুজাৰ দৰে পৱিত্ৰ আধ্যত্মিক অনুষ্ঠানৰ ওপৰত কৰ আৰোপ কৰাটো অতি দুৰ্ভাগ্যজনক৷ এইবেলি প্ৰতিখন দুৰ্গাপূজা কমিটিয়ে দুৰ্গা পূজা পতাৰ বাবদ ৩০০ টকা আৰু প্ৰতিমা বিসৰ্জনত বাবদ চৰকাৰক ১০০ কৰ টকা দিব লাগিব৷
এই সিদ্ধান্ত এক হঠকাৰী সিদ্ধান্ত আৰু জন বিৰোধী৷ অসমৰ ৰাইজে যুগ যুগ ধৰি মা দুৰ্গাৰ আৰাধনা কৰি আহিছে৷ ইয়াৰ বাবে কোনো দিনে কোনো ধৰণৰ কৰ দিব লগা হোৱা নাছিল৷ কিন্তু বিজেপি চৰকাৰে এইবাৰ পুজাৰ দৰে পৱিত্ৰ কাৰ্যসূচীতো কৰ আৰোপ কৰিছে৷ এই সিন্ধান্তই ৰাইজৰ আবেগ অনুভুতিক আঘাত হানিব৷
ভিডিঅ’ বাৰ্তাটোত অসম তৃণমূল কংগ্ৰেছে চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰিছে বুলি উল্লেখ কৰি সভাপিত ৰিপুন বৰাই কয় যে- দেৱী দুৰ্গাৰ আৰাধনা বাবে যদি ৰাজ্যবাসীয়ে কৰ দিব লগা হয়, তেন্তে তাতকৈ দুখজনক আৰু পৰিতাপৰ বিষয় একো নাথাকিব৷ সেয়ে ৰাজ্য চৰকাৰে এনে হঠকাৰী সিদ্ধান্ত শীঘ্ৰে বাতিল কৰা উচিত৷
উল্লেখ্য যে, ৰাজ্য চৰকাৰে এইবেলি প্ৰতিখন দুৰ্গা পুজাৰ বাবদ ৩০০ টকা আৰু প্ৰতিমা বিসৰ্জনত ১০০ টকাৰ মাচুল দিয়াটো বাধ্যতামূলক কৰিছে৷ এই মাচুল ট্ৰেজাৰি চালান (কোষাগাৰ চালান) যোগে আদায় দিয়াৰ পিছতহে পূজা অনুষ্ঠিত কৰা বা বিসৰ্জন দিয়াৰ অনুমতি লাভ কৰিব পূজা কমিটি সমূহে।
Also Read: পুনৰ বহিঃৰাজ্যত মৃত্যু অসমৰ শ্রমিকৰ