পুনৰ বহিঃৰাজ্যত মৃত্যু অসমৰ শ্রমিকৰ

পুনৰ বহিঃৰাজ্যত মৃত্যু অসমৰ শ্রমিকৰ। অৰুণাচলত কাম কৰিবলৈ গৈ মৃত্যু বিলাসীপাৰাৰ যুৱকৰ। শুকুৰবাৰে পোহৰলৈ আহে এই ঘটনা।

author-image
Asomiya Pratidin
New Update
লখিমপুৰত বিদ্যুৎপৃষ্ট হৈ মৃত্যু যুৱকৰ...

ডিজিটেল ডেস্কঃ পুনৰ বহিঃৰাজ্যত মৃত্যু অসমৰ শ্রমিকৰ। অৰুণাচলত কাম কৰিবলৈ গৈ মৃত্যু বিলাসীপাৰাৰ যুৱকৰ। শুকুৰবাৰে পোহৰলৈ আহে এই ঘটনা।

Advertisment

যুৱকজন বিলাসীপাৰাৰ মাঘমাৰীৰ ৩য় খণ্ড গাঁৱৰ মফিজুল হক বুলি জানিব পৰা গৈছে। গাঁওখনৰ এজন ঠিকাদাৰে কাম কৰিবলৈ লৈ গৈছিল মফিজুলক।

বৃহস্পতিবাৰে বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হয় মফিজুল হকৰ। ঠিকাদাৰজনে স্থানীয় আৰক্ষীক অৱগত নকৰাকৈ লৈ আহিছিল মৃতদেহ। তাৰপাছতে আজি মৃত মফিজুলৰ ঘৰত উপস্থিত হৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

Also Read: অসম আৰক্ষীঃ ২০২৩ বৰ্ষত ৪,৮০৭গৰাকী উচ্চ পৰ্যায়ৰ বিষয়াক পদোন্নতি