/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/d5247c2d-6c74-4488-a39a-2d190416a778/AP_FOR_WEB_DURGA.jpg)
durga puja sop guwahati
ডিজিটেল ডেস্কঃ শুকুৰবাৰে ষষ্ঠী। দুৰ্গাপূজাক লৈ সমগ্ৰ ৰাজ্যতে দেখা গৈছে ব্যাপক উছাহ। ইয়াৰ মাজতে যান-বাহন শাখাৰ ডিচিপি জয়ন্ত সাৰথি বৰাই এক সংবাদমেল সম্বোধন কৰে।
দুৰ্গা পূজা উপলক্ষে DCP বৰাৰ এই সংবাদমেল সম্বোধন। দুৰ্গা পূজা উপলক্ষে মহানগৰীৰ ৰাজপথত কিছু নিষেধাজ্ঞা আৰোপ কৰা হৈছে। গধুৰ যান-বাহন পুৱা ৪ৰ পৰা ১০বজাত প্রৱেশ কৰিব পাৰিব মহানগৰীত।
২১ অক্টোবৰৰ পৰা ২৪ অক্টোবৰলৈ থাকিব এই নিষেধাজ্ঞা। বাণিজ্যিক সামগ্রী কঢ়িওৱা বাহনৰ ক্ষেত্রতো কিছু নিষেধাজ্ঞা।
-
দিনৰ ১১ৰ-নিশা ১২ বজালৈ ২৭নং ৰাষ্ট্রীয় ঘাইপথেৰে যাব নোৱাৰিব বাহন
-
জৰুৰীকালীন সেৱাৰ বাহনৰ ক্ষেত্রত প্রযোজ্য নহয় এই নিষেধাজ্ঞা
-
গণেশ মন্দিৰৰ দিশৰ পৰা গণেশগুৰি উৰণ সেতু পৰ্যন্ত ওৱান ৱে’
-
জু-ৰোডৰ দিশেৰে অহা বাহন গণেশ মন্দিৰৰ দিশত প্রৱেশ কৰিব নোৱাৰিব
-
গণেশ মন্দিৰ দিশৰ পৰা শংকৰদেৱ পথো হ’ব ওৱান ৱে’
-
জয়ানগৰ চাৰিআলিৰ পৰা বেলতলা তিনিআলিলৈ যোৱা বাহনৰ ক্ষেত্রত নিষেধাজ্ঞা
-
কেৱল এই পথছোৱাৰে স্থানীয় বাসিন্দাৰ বাহনহে যাব পাৰিব
-
বেলতলা তিনিআলিৰ পৰা জয়ানগৰ চাৰিআলিলৈ পথছোৱা ওৱান ৱে’ হ’ব
-
বেলতলা তিনিআলিৰ পৰা ভেটাপাৰা চাৰিআলিলৈ পথছোৱা ওৱান ৱে’ হ’ব
-
বেলতলা তিনিআলিৰ পৰা বশিষ্ঠ চাৰিআলিলৈ ন’ এন্ট্রি
-
ত্রিপুৰা গলিৰ পৰা সৌৰভনগৰ দিশলৈ যান-বাহন প্রৱেশত নিষেধাজ্ঞা
-
বশিষ্ঠ চাৰিআলিৰ পৰা বেলতলা তিনিআলিলৈ যান-বাহন প্রৱেশত নিষেধাজ্ঞা
-
উক্ত পথেৰে কেৱল স্থানীয় বাসিন্দাৰ বাহনহে চলাচল কৰিব পাৰিব
-
ফটাশিল চাৰিআলিৰ ৬,৭, ৮ নং ৰে’ল গেটতো নিষেধাজ্ঞা
-
কুমাৰপাৰাৰ পাঁচআলিৰ সতী জয়মতী পথতো যান-বাহন প্রৱেশত নিষেধাজ্ঞা
-
চাবিপুলৰ পৰা বিষ্ণুপুৰৰ ফটাশিল চাৰিআলিলৈ যান-বাহন প্রৱেশত নিষেধাজ্ঞা
-
আৰ কে চৌধুৰী পথৰ পৰা কে আৰ চি পথলৈ যান-বাহন প্রৱেশত নিষেধাজ্ঞা
-
উজনি-নামনিৰ বাছসমূহ পোনপটীয়াকৈ ISBTলৈ আহিব
-
GS ৰোডৰ বাছসমূহ ৰাষ্ট্রীয় ঘাইপথ হৈ যাব লাগিব
-
চিটীবাছসমূহৰ সময় ঠিক কৰা হ’ব, নিৰ্দিষ্ট সময়তহে চলিব চিটীবাছ
-
বিসৰ্জনৰ বাহনসমূহ দুপৰীয়া ১২ বজাৰ পৰা যাব পাৰিব
-
কেৱল প্রতিমা বিসৰ্জনৰ বাহনহে হাইক’ৰ্ট হৈ লাচিতঘাটলৈ যাব পাৰিব
-
প্রতিমা বিসৰ্জনৰ বাহন উলুবাৰী, TC ৰোডলৈ আহিব নোৱাৰিব
-
বি বৰুৱা ৰোড সম্পূৰ্ণ বন্ধ থাকিব প্রতিমা বিসৰ্জনৰ বাহনৰ বাবে
-
পাণ্ডু ঘাটলৈ কোনো বাহন মালিগাঁও হৈ যাব নোৱাৰিব
-
চিটীবাছসমূহৰ বাবে আৰ চি বুক ফাইন কৰা হ’ব
-
চিটীবাছসমূহক ১ মিনিট সময়ৰ টাইম কাৰ্ড প্রদান কৰা হ’ব
-
কেৱল ১ মিনিটৰ বাবেহে বাছ আস্থানত ৰ’ব পাৰিব চিটীবাছ
-
সুৰাপান কৰি বাহন চলোৱা সকলৰ বিৰুদ্ধে অভিযান প্রতিদিনে চলিব
Also Read: 'অসমীয়া প্ৰতিদিন ডিজিটেল'ৰ ৰচনা প্ৰতিযোগিতালৈ ব্যাপক সঁহাৰি, বিজয়া দশমীত ঘোষণা হ'ব ফলাফল