'অসমীয়া প্ৰতিদিন ডিজিটেল'ৰ ৰচনা প্ৰতিযোগিতালৈ ব্যাপক সঁহাৰি, বিজয়া দশমীত ঘোষণা হ'ব ফলাফল

'অসমীয়া প্ৰতিদিন ডিজিটেল'ৰ ৰচনা প্ৰতিযোগিতালৈ ব্যাপক সঁহাৰি, বিজয়া দশমীত ঘোষণা হ'ব ফলাফল

ডিজিটেল ডেস্ক : অসমীয়া প্ৰতিদিন ডিজিটেলে দুৰ্গা পূজা উপলক্ষে আয়োজন কৰা ৰচনা প্ৰতিযোগিতালৈ ব্যাপক সঁহাৰি। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ৩০০০ ছাত্ৰ-ছাত্ৰীয়ে প্ৰেৰণ কৰিছে ৰচনা।

 দুৰ্গা পূজাৰ প্ৰাক্ক্ষণত ছাত্ৰ-ছাত্ৰীৰ বাবে 'অসমীয়া প্ৰতিদিন ডিজিটেলে' আয়োজন কৰিছিল ৰাজ্যিক ভিত্তিত এই ৰচনা প্ৰতিযোগিতা।ইয়াৰ বিষয়-বস্তু আছিল- “ধৰ্মীয় আৰু সাৰ্বজনীন দৃষ্টিৰে দুৰ্গা পূজা। ”

ৰচনা প্ৰেৰণৰ অন্তিত দিন আছিল ২০ অক্টোবৰ। ইতিমধ্যে ৰচনা প্ৰেৰণৰ সময় সীমা শেষ হৈছে।

এই ৰচনা সমূহ নিৰ্বাচিত বিচাৰকৰ দ্বাৰা পৰীক্ষা কৰা হ'ব। বিচাৰকৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত হ'ব। ৰচনা প্ৰতিযোগিতাৰ ফলাফল পূৰ্বে ঘোষণা কৰা অনুসৰি ২৪ অক্টোবৰ দশমীৰ দিনা ঘোষণা কৰা হ'ব। এই প্ৰতিযোগিতাৰ ফলাফল অসমীয়া প্ৰতিদিন ডিজিটেল পেজৰ লগতে প্ৰতিদিন টাইম, অসমীয়া প্ৰতিদিনত উপলব্ধ হ'ব।

প্ৰতিযোগীসকলৰ বাবে পুৰস্কাৰ হিচাপে আছে- প্ৰথম পুৰস্কাৰ ১০,০০০ (দহ হাজাৰ টকা),দ্বিতীয় পুৰস্কাৰ ৫,০০০ (পাঁচ হাজাৰ টকা) আৰু তৃতীয় পুৰস্কাৰ ৩,০০০ (তিনি হাজাৰ টকা ) ।

এই ৰচনা প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰা প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীলৈ অসমীয়া প্ৰতিদিন ডিজিটেলৰ তৰফৰ পৰা অশেষ ধন্যবাদ আৰু শুভকামনা। লগতে সমূহ অসমবাসীলৈ শাৰদীয় দুৰ্গা পূজা হিয়াভৰা শুভেচ্ছা।

'অসমীয়া প্ৰতিদিন ডিজিটেল'ৰ ৰচনা প্ৰতিযোগিতালৈ ব্যাপক সঁহাৰি, বিজয়া দশমীত ঘোষণা হ'ব ফলাফল
দুৰ্গাপূজা উপলক্ষে 'অসমীয়া প্ৰতিদিন ডিজিটেল'ৰ ৰাজ্যিক ভিত্তিত ৰচনা প্ৰতিযোগিতাৰ আয়োজন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in