আজি মহা নৱমী : সিদ্ধিদাত্ৰীৰ ৰূপত কৰা হ'ব দেৱী দুৰ্গাৰ আৰাধনা

আজি মহা নৱমী : সিদ্ধিদাত্ৰীৰ ৰূপত কৰা হ'ব দেৱী দুৰ্গাৰ আৰাধনা

author-image
Asomiya Pratidin
New Update
আজি মহা নৱমী : সিদ্ধিদাত্ৰীৰ ৰূপত কৰা হ'ব দেৱী দুৰ্গাৰ আৰাধনা

ডিজিটেল ডেস্কঃ আজি মহানৱমী। প্ৰবাদ মতে মহাশক্তি দুৰ্গাই মহিষাসুৰ বধৰ বাবে আজি লৈছিল মহিষমৰ্দিনী ৰূপ আৰু সংহাৰী যুঁজখনৰ আজি আছিল অন্তিম দিন। দেৱী দুৰ্গাই সমস্ত শক্তিৰে নৱমীৰ শেষ ক্ষণত অমোঘ অস্ত্ৰৰে প্ৰহাৰ কৰিছিল মহিষাসুৰক। আৰু দশমীৰ পুৱাই বধ হৈছিল মহিষাসুৰ।

মহানৱমীৰ দিনা সিদ্ধিদাত্ৰীৰ ৰূপত পূজিত হ'ব মা দুৰ্গা। শাৰদীয় দুৰ্গোৎসৱৰ আজি শেষৰটো দিন। সমগ্ৰ দেশতে মুখৰিত হৈ আছে দেৱী মাৰ বন্দনা। ৰাজ্যৰো বিভিন্ন দেৱালয়ত আজি কুমাৰী পূজাও অনুষ্ঠিত হ'ব। বহুতো মঠ-মন্দিৰত বলি-বিধানেৰেও কৰা হ'ব মাৰ আৰাধনা।

Also Read: আজি মহাষ্টমী : মহাগৌৰী ৰূপত পূজিত হ'ব দেৱী দুৰ্গা

durga puja