ফেচবুক পেজ খুলি সাংবাদিকৰ পৰিচিয়েৰে এছ পি আনন্দ মিশ্ৰৰ নামত ধন সংগ্ৰহ...

ফেচবুক পেজ খুলি সাংবাদিকৰ পৰিচিয়েৰে এছ পি আনন্দ মিশ্ৰৰ নামত ধন সংগ্ৰহ...
ফেচবুক পেজ খুলি সাংবাদিকৰ পৰিচিয়েৰে এছ পি আনন্দ মিশ্ৰৰ নামত ধন সংগ্ৰহ...

ডিজিটেল সংবাদ লালুকঃ লখিমপুৰ জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ নাম লৈ ধন সংগ্ৰহত নমা এজন স্বয়ম্ভু সাংবাদিক পৰিল আৰক্ষীৰ জালত। এছ আনন্দ মিশ্ৰৰ মূৰ কামোৰণি হৈ পৰা এই স্বয়ম্ভু সাংবাদিকজনক আজন খেদি খেদি ধৰিলে লালুক আৰক্ষীয়ে।

উল্লেখ্য যে, আব্দুল কালাম নামৰ এজন যুৱকে ফেচবুকত এটা পেজ খুলি নিজকে সাংবাদিক হিচাপে পৰিচয় দি লখিমপুৰত বিভিন্ন অপকৰ্মত লিপ্ত হৈছিল। ধৃত আব্দুল কালামে জিলাখনত আৰক্ষী অধীক্ষক আৰু অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নাম লৈ ব্যাপক দালালিত লিপ্ত হৈছিল।

শেহতীয়া এটা ধৰ্ষণৰ গোচৰত আৰক্ষীৰ নামত ধন সংগ্ৰহ কৰিছিল এই স্বয়ম্ভু ফেচবুক সাংবাদিকজনে। এই কথা অৱগত হোৱাৰ পাছতে আনন্দ মিশ্ৰ বাহিনীয়ে বিগত দিন কেইটাত আব্দুল কালামক বিচাৰি অভিযান অব্যাহত ৰাখিছিল।

তাৰ মাজতে নিশা ৰে'লৰ জৰিয়তে পলায়নৰ চেষ্টা কৰোঁতেই হাৰমতি ৰে'লৱে ষ্টেচনত লালুক আৰক্ষীয়ে খেদি খেদি তেওঁক কৰায়ত্ব কৰে। আব্দুলৰ উপৰি আৰক্ষীয়ে আতিকুল ইছলাম নামৰ আন এটা দালালকো আটক কৰিছে।

তেওঁলোক দুয়োৰে পৰা আৰক্ষীয়ে জব্দ কৰিছে এখন বাহন। ইয়াৰ উপৰি বাহনখনৰ চালকজনকো আৰক্ষীয়ে সোধ-পোছৰ বাবে আটক কৰিছে বুলি জানিব পৰা গৈছে। উল্লেখ্য যে, পূৰ্বেও আৰক্ষীৰ নামত ধন লৈ জে'ললৈ গৈছিল আব্দুল কালাম।

পূৰ্বেও এইদৰে দালালিৰ ধন আনিবলৈ গৈ পৰিছিল ৰাইজৰ ৰোষত। ৰাইজে কৰায়ত্ব কৰি চমজাই দিছিল আৰক্ষীক। ইয়াৰ পিছতো সংশোধন নহ'ল যুৱকজন। ইফালে শেহতীয়া ঘটনা সন্দৰ্ভত ভাৰতীয় দণ্ডবিধিৰ 387/506/34 ধাৰাত লালুক আৰক্ষী থানাত ৰুজু হৈছে এক গোচৰ।

ফেচবুক পেজ খুলি সাংবাদিকৰ পৰিচিয়েৰে এছ পি আনন্দ মিশ্ৰৰ নামত ধন সংগ্ৰহ...
'পৰলোক'ৰ পৰাই আক্ষেপেৰে তেওঁ কৈছে- বহুদিন বকুলৰ গোন্ধ নোপোৱাৰ কথা... !

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in