কাজিৰঙাত মাটি কঢ়িওৱা ডাম্পাৰৰ দৌৰাত্ম্য, নিৰ্বিকাৰ বন বিভাগ

কাজিৰঙাত মাটি কঢ়িওৱা ডাম্পাৰৰ দৌৰাত্ম্য, নিৰ্বিকাৰ বন বিভাগ

ডিজিটেল সংবাদ, কাজিৰঙা : কাজিৰঙাত মাটি কঢ়িওৱা ডাম্পাৰৰ দৌৰাত্ম্য৷ নীতিবৰ্হিভূতভাৱে মাটি কঢ়িওৱা এনে ডাম্পাৰৰ বিৰুদ্ধে সৰৱ হ'ল কাজিৰঙাৰ গোসানীবৰৰ ৰাইজ। উল্লেখ্যে যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ নিচেই সমীপতে গোসানীবৰৰ পথাৰৰ পৰা মাটি খান্দি দিনে নিশাই ডাম্পাৰৰ জৰিয়তে একাংশ অসাধু ব্যৱসায়ীয়ে কঢ়িয়াইছে মাটি।

ফলত ধূলিময় অস্বাস্থ্যকৰ পৰিবেশৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চলটোত। অভিযোগ অনুসৰি মূল ৩৭ নং ঘাইপথ সংযোগী গোসানীবৰৰ বিধ্বস্ত পথটোত নিতৌ ডাম্পাৰ অহা যোৱা কৰাত এতিয়া অধিক অৱনতি ঘটিছে পথচোৱাৰ। একপ্ৰকাৰ ধূলি, বালিৰ মাজেৰে অহা যোৱা কৰিবলগীয়া হৈছে গাৱৰ ৰাইজে।

অঞ্চলবাসীয়ে ব্যৱসায়ীসকলক মাটি কঢ়িওৱা বন্ধ কৰিবলৈ বাধা কৰিছিল যদিও তাৰ প্ৰতি কেৰেপ নকৰি অবাধে মাটি কঢ়িয়াই আছে ডাম্পাৰসমূহে। ফলত সমস্যাৰ সন্মুখীন হৈছে সাধাৰণ লোক। এইক্ষেত্ৰত স্থানীয় প্ৰশাসনক ব্যৱস্থা গ্ৰহণ কৰাৰ আহ্বান ৰাইজৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in