কঠীয়াতলীত বালি ভৰ্ত্তি ডাম্পাৰ জব্দ

কঠীয়াতলীত বালি ভৰ্ত্তি ডাম্পাৰ জব্দ

author-image
Asomiya Pratidin
New Update
কঠীয়াতলীত বালি ভৰ্ত্তি ডাম্পাৰ জব্দ

ডিজিটেল সংবাদ, কঠীয়াতলী: সোমবাৰে নগাঁও জিলাৰ কঠীয়াতলীত বন সুৰক্ষা বাহিনীয়ে দুখনকৈ বালি ভৰ্ত্তি ডাম্পাৰ জব্দ কৰে। বৰপানী নৈৰ পৰা বালি লৈ দুয়োখন ডাম্পাৰ নগাঁও অভিমুখে আহি থকা সময়তে বন সুৰক্ষা বাহিনীয়ে কঠীয়াতলীত ডাম্পাৰ দুখন জব্দ কৰে।

জব্দকৃত ডাম্পাৰ দুখনৰ পঞ্জীয়ন নম্বৰ ক্ৰমে এই এচ ০৩ বি চি২১৩১ আৰু এ এচ ০৩ বি চি ৮০৭৯ বুলি জানিব পৰা গৈছে। উল্লেখ্য যে কামপুৰ কঠীয়াতলী পথেৰে নিতৌ চালান বিহীন আৰু অত্যাধিক পৰিমাণৰ বালি ভৰ্ত্তি ডাম্পাৰ চলাচল কৰে যদিও ইয়াক ৰোধ কৰাত বন বিভাগ ব্যৰ্থ হোৱা দেখা গৈছে।

Also Read: কামৰূপ জিলা কৃষি বিভাগৰ অধীনত বিশেষ কাৰিকৰী প্ৰশিক্ষণ

assampolice