কাজলগাঁৱত মুকলিকৈ কাৰ্বনৰ গুড়ি কঢ়িয়াই নিয়া দুখন ডাম্পাৰ জব্দ

কাজলগাঁৱত মুকলিকৈ কাৰ্বনৰ গুড়ি কঢ়িয়াই নিয়া দুখন ডাম্পাৰ জব্দ

ডিজিটেল সংবাদ,চিৰাং : ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডৰ নিয়ম নীতিক ধোঁৱাচাঙত তুলি বহিঃৰাজ্যৰ মালিকানাধীন কাৰ্বণ ফেক্টৰীয়ে সম্প্ৰতি চিৰাঙত জনস্বাস্থ্যৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰাৰ অভিযোগ উত্থাপিত হৈছে । চৰকাৰী নিয়ম অনুসৰি প্ৰদূষণ সৃষ্টি কৰা লগতে জনস্বাস্থ্যৰ প্ৰতি ভাবুকি সৃষ্টি কৰা কাৰ্বনৰ গুড়ি ডাম্পাৰেৰে কঢ়িয়াই নিয়াৰ সময়ত নিয়ম অনুসৰি ত্ৰিপ্ৰালেৰে ঢাকি লব লাগে।

কিন্ত কাজলগাঁৱৰ নিউ এজ পেট কোক প্ৰাইভেট লিমিটেড নামৰ কাৰ্বন ফেক্টৰী কৰ্তৃপক্ষই চৰকাৰী নীতি নিয়ম ভঙ্গ কৰি ত্ৰিপাল অবিহনেই প্ৰদূষণ সৃষ্টি কৰা কাৰ্বনৰ গুড়ি কঢ়িয়াই নিয়া দুখন ডাম্পাৰক বৃহস্পতিবাৰে পৰিবহন বিভাগৰ লোকে জব্দ কৰে । চিৰাং জিলাৰ কাজলগাঁৱৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত থকা নিউ এজ পেট কোক প্ৰাইভেট লিমিটেড নামৰ এটা বহিঃৰাজ্যৰ মালিকানাধীন কাৰ্বন ফেক্টৰীৰ পৰা দুখন ১২চকীয়া ডাম্পাৰ প্ৰতিদিনে ঢালিগাঁৱস্থিত বঙাইগাঁও শোধনাগাৰৰ ভিতৰৰ পৰা (আৰটিপিচি) বুলি কাৰ্বণৰ গুড়ি কঢ়িয়াই কাৰ্বণ ফেক্টৰীত লৈ যায় ।

চৰকাৰী নিয়ম অনুসৰি প্ৰদূষণ সৃষ্টি কৰাৰ লগতে জনস্বাস্থ্যৰ প্ৰতি ভাবুকি সৃষ্টি কৰা কাৰ্বণৰ গুড়িসমূহ বঙাইগাঁও শোধনাগাৰৰ ভিতৰচৰাৰ পৰা ডাম্পাৰেৰে উলিয়াই অনাৰ সময়ত নিয়ম অনুসৰি ত্ৰিপ্ৰালেৰে ঢাকি ল'ব লাগে। কিন্তু কাজলগাঁৱৰ নিউ এজ পেট কোক প্ৰাইভেট লিমিটেড নামৰ কাৰ্বণ ফেক্টৰীৰ এ এচ - ১৯ এ চি ২৫৯৪ আৰু এ এচ - ১৯ এ চি ২৫৯৫ নম্বৰৰ ডাম্পাৰ দুখনে কাৰ্বনৰ গুড়ি ভৰ্তি কৰি ৰাষ্ট্ৰীয় ঘাইপথেৰে কাৰ্বন ফেক্টৰীত লৈ যায় ।

এনদৰে মুকলিকৈ ডাম্পাৰত কাৰ্বন গুড়ি কঢ়িয়াই নিয়াৰ ফলত বতাহত কাৰ্বনৰ গুড়ি উৰি গৈ বায়ু প্ৰদূষণ কৰাৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথেদি চলাচল কৰা যাত্ৰী তথা পথচাৰীৰ চকু মুখত সোমাই যোৱাৰ অভিযোগ কাজলগাঁৱৰ স্থানীয় লোকৰ । কাৰ্বণ ফেক্টৰীৰ এই ডাম্পাৰবোৰে চৰকাৰী নীতি নিয়ম একাষৰীয়া কৰি জনস্বাস্থ্যৰ প্ৰতি ভাবুকি সৃষ্টি কৰা বিষয়টো স্থানীয় সচেতন লোকে কিছুদিন আগতে জিলা পৰিবহন বিভাগক অৱগত কৰিছিল।

অভিযোগ পোৱাৰ পিছত জিলা পৰিবহন বিভাগৰ পৰা সংশ্লিষ্ট কাৰ্বণ ফেক্টৰী কৰ্তৃপক্ষক সতৰ্ক কৰি দিছিল কিন্তু আজি কাজলগাঁৱৰ নিউ এজ পেট কোক প্ৰাইভেট লিমিটেড নামৰ কাৰ্বণ ফেক্টৰী কতৃপক্ষই একেটা ভুল আজি কৰাৰ পিছত স্থানীয় লোক আৰু সংবাদ মাধ্যমৰ লোকে জিলা পৰিবহন বিভাগক ফোনযোগে অৱগত কৰাত জিলা পৰিবহন বিভাগৰ লোকে তাৎক্ষনিকভাৱে কাজলগাঁৱৰ ৰাষ্ট্ৰীয় পথৰ পৰা কাৰ্বণৰ গুৰি কঢ়িয়াই নিয়া এ এচ - ১৯ এ চি ২৫৯৪ আৰু এ এচ - ১৯ এ চি ২৫৯৫ নম্বৰৰ ডাম্পাৰ দুখন জব্দ কৰি লৈ যায় ।

এই সন্দৰ্ভত জব্দ কৰা ডাম্পাৰ চালক সকলক প্ৰশ্ন কৰাত তেওঁলোকে কয় যে ত্ৰিপাল অবিহনে কাৰ্বণ গুড়ি কঢ়িয়াই নিলে বায়ু প্ৰদূষণ হোৱাৰ উপৰি মানুহৰো ক্ষতি হয় যাৰ কাৰণে মালিক পক্ষক ত্ৰিপাল পুৰণি হৈ ফাটি গৈছে সেয়ে নতুন ত্ৰিপাল কিনি দিয়াৰ কথা কৈছিল কিন্তু স্থানীয় ডাম্পাৰ চালক সকলৰ কথা গুৰুত্ব আৰোপ কৰা নাছিল বহিঃৰাজ্যৰ মালিকানাধীন কাৰ্বণ ফেক্টৰী কৰ্তৃপক্ষই ।

যাৰ বাবে ডাম্পাৰ চালকসকলে বাধ্যত পৰি ত্ৰিপাল অবিহনেই কাৰ্বণৰ গুড়ি কঢ়িয়াই আনিব লগা হৈছে বুলি সদৰি কৰে । ইয়াৰ দ্বাৰা অনুমান কৰিব পাৰি যে বহিঃৰাজ্যৰ বনিয়াৰ মালিকানাধীন কাৰ্বণ ফেক্টৰীয়ে অসমৰ পৰা কেৱল ধন উপাৰ্জন কৰাত হে গুৰুত্বাৰোপ কৰে কিন্তু অসম তথা বিটিআৰ এলেকাৰ জনসাধাৰণৰ স্বাস্থ্যৰ প্ৰতি ন্যূনতম দায়িত্ববোধ নাই বুলি স্থানীয় লোকে অভিযোগ কৰে ।

ইপিনে এই ত্ৰিপাল অবিহনেই বঙাইগাঁও শোধনাগাৰৰ ভিতৰচৰাৰ পৰা কিদৰে ডাম্পাৰ বিলাক বাহিৰত ওলাই আহে তাকে লৈ প্ৰশ্ন উত্থাপন হৈছে । বায়ু - পৰিৱেশ প্ৰদূষণ কৰাৰ লগতে জনস্বাস্থ্যৰ প্ৰতি ভাবুকি সৃষ্টি কৰা বিষয়টো কি কাৰণে বঙাইগাঁও শোধনাগাৰ কৰ্তৃপক্ষই গুৰুত্ব আৰোপ কৰা নাই বা এই সন্দৰ্ভত তেওঁলোকৰ কোনো দায়বদ্ধতা নাই নেকি স্থানীয় লোকে প্ৰশ্ন উত্থাপন কৰিছে ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in