চিকিৎসাৰ বাবে পুত্ৰৰ সৈতে গৈ আছিল মাতৃ, ডাম্পাৰৰ খুন্দাত থিতাতে নিহত

চিকিৎসাৰ বাবে পুত্ৰৰ সৈতে গৈ আছিল মাতৃ, ডাম্পাৰৰ খুন্দাত থিতাতে নিহত

author-image
Asomiya Pratidin
New Update
চিকিৎসাৰ বাবে পুত্ৰৰ সৈতে গৈ আছিল মাতৃ, ডাম্পাৰৰ খুন্দাত থিতাতে নিহত

ডিজিটেল সংবাদ, দুমুনিচকীঃ বাইহাটা চাৰিআলি বাৰোৱাৰী দুৰ্গাপূজা মণ্ডপৰ সমীপৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত দেওবাৰে সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। থিতাতে নিহত এগৰাকী মহিলা।

ঘটনা সন্দৰ্ভত জানিব পৰা মতে কামৰূপ জিলাৰ ৰঙিয়া আৰক্ষী থানাৰ অন্তৰ্গত ঝাওৰাকুছিৰ সাত নং ওৱাৰ্ড নিবাসী প্ৰয়াত বপুতি শালৈৰ পত্নী লক্ষ্মী শালৈ (৫০) অসুস্থ আছিল। তেওঁৰ চিকিৎসাৰ বাবে বৰ পুত্ৰ প্ৰকাশ শালৈ (২৮) দৰং জিলাৰ নাৰিকলি মন্দিৰৰ দিশে এ এচ ০১ ই এম ৮৬০৯ নম্বৰৰ এফ জেদ বাইক এখনত মাকক লৈ গৈ আছিল।

তেনে সময়তে দিনৰ প্ৰায় ১ বজাত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে একেটা দিশে গৈ থকা এ এচ ২৫ এফ চি ১৪১৫ নম্বৰৰ ডাম্পাৰ খনৰ খুন্দাত বাইকসহ দুয়ো মাতৃ-পুত্ৰ ৰাষ্ট্ৰীয় ঘাইপথত ছিটিকি পৰে। ফলত মাতৃ লক্ষ্মী শালৈৰ ডাম্পাৰৰ চেপাত থিতাতে মৃত্যু হয়। আনহাতে বাইকচালক তথা পুত্ৰ প্ৰকাশ শালৈ গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হয়।

দুৰ্ঘটনা সন্দৰ্ভত অবগত হৈ বাইহাটা চাৰিআলি থানাৰ আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে লক্ষ্মী শালৈৰ মৃতদেহ উদ্ধাৰ কৰিছে। আনহাতে আঘাতপ্ৰাপ্ত প্ৰকাশ শালৈক স্থানীয় বেজেৰা সামুহিক স্বাস্থ্যকেন্দ্ৰত চিকিৎসা কৰোৱাৰ ব্যৱস্থা কৰে। আৰক্ষীয়ে দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰখন জব্দ কৰাৰ লগতে চালকক আটক কৰিছে।

Also Read: চৰকাৰৰ ঋণৰ পৰিমাণ হ'ব ১ লাখ ৭৬ হাজাৰ ২৫০ কোটি টকা...

road accident