চৰকাৰৰ ঋণৰ পৰিমাণ হ'ব ১ লাখ ৭৬ হাজাৰ ২৫০ কোটি টকা...

জধে-মধে ৰাজকোষৰ ধন ব্যয় কৰা ৰাজ্য চৰকাৰে কেগ (ভাৰতৰ নিয়ন্ত্ৰক আৰু মহাসচিব পৰীক্ষক) প্ৰতিবেদনত একাধিকবাৰ ঋণৰ সদব্যৱহাৰৰ পৰামৰ্শ দিয়াৰ পাছতো গা লৰা নাই চৰকাৰখনৰ

author-image
Asomiya Pratidin
New Update
চৰকাৰৰ ঋণৰ পৰিমাণ হ'ব ১ লাখ ৭৬ হাজাৰ ২৫০ কোটি টকা...

ডিজিটেল ডেস্কঃ জধে-মধে ৰাজকোষৰ ধন ব্যয় কৰা ৰাজ্য চৰকাৰে কেগ (ভাৰতৰ নিয়ন্ত্ৰক আৰু মহাসচিব পৰীক্ষক) প্ৰতিবেদনত একাধিকবাৰ ঋণৰ সদব্যৱহাৰৰ পৰামৰ্শ দিয়াৰ পাছতো গা লৰা নাই চৰকাৰখনৰ। ৰাজ্যৰ জটিল বিত্তীয় পৰিস্থিতিৰ মোকাবিলাৰ বাবে পূৰ্বৰ কংগ্ৰেছ চৰকাৰে বিগত ২০০৫ চনত প্ৰৱৰ্তন কৰা বিত্তীয় দায়বদ্ধতা আৰু বাজেট ব্যৱস্থাপনা আইনখন এতিয়াও বাহাল আছে যদিও ইয়াত থকা সকলো নীতি-নিয়ম জলাঞ্জলি দিয়া হৈছে।

Advertisment

বৰ্তমানৰ চৰকাৰখনে ঋণ লৈ লৈ নিৰ্মাণ কাৰ্য, হিতাধিকাৰী সৃষ্টি কৰাৰ প্ৰতিযোগিতাত নামিছে। আৰু তাৰে জেৰা মাৰিবলৈ মাহৰ পাছত মাহ ধৰি ঋণ লৈছে। তাৰ পৰিশোধ কৰিব দূৰৰে কথা, বাৰ্ষিক সূদৰ নামতে চৰকাৰখনে ৮০০ কোটি টকাৰ বোজা মূৰ পাতি লবলগীয়া হৈছে। ধনৰ এনেদৰে অপচয় হৈ থকাৰ পাছতো শিক্ষা লোৱা নাই হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে।

২২ আগষ্টত ২৫০ কোটি টকাৰ ঋণ লোৱাৰ পাছতে পুনৰ ঋণ লোৱাৰ বাবে সাজু হৈছে চৰকাৰে। অহা ৫ ছেপ্টেম্বৰত ৰাজ্য চৰকাৰে নতুনকৈ ১০০০ কোটি টকাৰ ঋণ ল'ব। সেই মৰ্মে বিত্ত বিভাগৰ আয়ুক্ত সচিব জয়ন্ত নালিকাৰে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াত প্ৰস্তাৱ দাখিল কৰিছে। এই ঋণ লোৱাৰ পাছত ৰাজ্যৰ মুঠ ঋণৰ বোজা হ'ব ১ লাখ ৭৬ হাজাৰ ২৫০ কোটি।

প্ৰাক্তন মুখ্যমন্ত্ৰী শৰত চন্দ্ৰ সিংহৰ দিনত ৪০০ কোটি, হিতেশ্বৰ শইকীয়াৰ দিনত ১৫ হাজাৰ কোটি, প্ৰফুল্ল মহন্তৰ দিনত ২০ হাজাৰ কোটিলৈ ঋণৰ বোজা বৃদ্ধি পাঁওতে ৰাজ্যত তোলপাৰ লাগিছিল। কিন্তু বিজেপি চৰকাৰৰ দিনত ঋণৰ পৰিমাণ বৃদ্ধি হৈ ১ লাখ ৭৬ হাজাৰ ২৫০ কোটি টকা হ'লগৈ।

ইমানৰ পাছতো কিন্তু গা লৰা নাই চৰকাৰৰ। ফ্লাইঅভাৰ নিৰ্মাণেৰে চমক সৃষ্টি কৰি একাংশ ঠিকাদাৰত ধনী কৰাত উঠি পৰি লাগিছে। এখনৰ পাছত এখন ফ্লাইঅভাৰ নিৰ্মাণ কৰি গৈছে চৰকাৰে। এই ফ্লাইঅ'ভাৰ নিৰ্মাণৰ নামত খৰচ হৈছে কোটি কোটি টকা।

কেৱল ইমানেই নহয়, নৱনিৰ্মিত মন্ত্ৰীৰ আবাসগৃহসমূহ ১০ বছৰ নৌহওঁতেই প্রতিটো আবাস মেৰামতিৰ নামত ডেৰ-দুই কোটি টকাকৈ খৰচ কৰা হৈছে। প্ৰতিগৰাকী বিধায়কক লেপটপ দিয়াৰ নামত ব্যয় কৰিছে কোটি টকা। বিধায়কসকলৰ বাবে নিৰ্মাণ কৰি দিছে। মুঠতে চৰকাৰে ধন জধে মধে অপব্যয় কৰাৰ তালিকাখন দীঘল।

চৰকাৰৰ খনৰ এনে কৰ্মকাণ্ডই এতিয়া ভয়ংকৰ ভৱিষ্যতৰ ইংগিত বহন কৰিছে। যদি এনদৰেই থাকে তেন্তে ঋণ লৈ লৈ ফোপোলা হৈ যাব ৰাজ্যৰ অৰ্থ ব্যৱস্থা। হিতাধিকাৰী সৃষ্টি, বিনামূলীয়া আঁচনি যোগান ধৰি চৰকাৰে একাংশ লোকৰ মুখ বন্ধ কৰি ৰাখিলেও এটা সময়ত সকলোৱে বুজি উঠিব।

Also Read: ভাৰতত দুৰ্নীতি, জাতিবাদ আৰু সাম্প্ৰদায়িকতাৰ স্থান নাই: মোডী

himanta biswa sarma assam govt