তিনি দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত দুধনৈ পূৰ্বাঞ্চল ৰাভা সমাজৰ ৬০ সংখ্যক বাৰ্ষিক অধিবেশনৰ সফল সামৰণি...

তিনি দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত দুধনৈ পূৰ্বাঞ্চল ৰাভা সমাজৰ ৬০ সংখ্যক বাৰ্ষিক অধিবেশনৰ সফল সামৰণি...

ডিজিটেল সংবাদ, দুধনৈ : ৰাভা জনগোষ্ঠীৰ অন্যতম জাতীয় সামাজিক অনুষ্ঠান দুধনৈ পূৰ্বাঞ্চল ৰাভা সমাজ,ৰাভা মহিলা সমাজ আৰু ৰাভা যুৱ ছাত্ৰ পৰিষদৰ ৬০ সংখ্যক বাৰ্ষিক অধিবেশন খনি এইবেলি দুধনৈৰ সমীপৱৰ্ত্তী আমজোঙা হাইস্কুল খেলপথাৰত তিনি দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে।

অধিবেশনৰ কাৰ্যসূচী অনুসৰি ৩০ জানুৱাৰীৰ বিয়লি ৫ বজাত অনুষ্ঠিত হয় প্ৰতিনিধি সভা আৰু নিশা অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠান । দ্বিতীয় দিনাৰ কাৰ্যসূচী অনুসৰি পুৱা ৭ বজাত দুধনৈ পূৰ্বাঞ্চল ৰাভা সমাজ,ৰাভা মহিলা সমাজ আৰু ৰাভা যুৱ ছাত্ৰ পৰিষদৰ পতাকা উত্তোলন কৰে তিনিওটা সংগঠনৰ সভাপতি ক্ৰমে বিচিত্ৰ নাৰায়ণ ৰাভা, দীনৱতী ৰাভা আৰু বাবুল ৰাভাই ।

৭-৩০ বজাত কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে দুধনৈ পশু চিকিৎসালয়ৰ পশু চিকিৎসক ডা: দিগন্ত কুমাৰ ৰাভা ।ৰাভা জাতিৰ কাণ্ডাৰী পুৰুষ স্বৰ্গীয় গোৱৰ্ধন সৰকাৰৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে আমজোঙা হাইস্কুলৰ অৱসৰপ্ৰাপ্ত শিক্ষক নলিনী ৰাভাই । ৮ বজাত স্মৃতি তৰ্পণ কৰে দুধনৈ পূৰ্বাঞ্চল ৰাভা সমাজৰ উপ সভাপতি দুৰন্ত ৰাভাই । ৮-৩০ বজাত গছ পুলি ৰোপন কৰে আমজোঙা হাইস্কুলৰ প্ৰধান শিক্ষক গোবিন্দ গিৰি ৰায় ।

৯ বজাত উলিওৱা হয় বিভিন্ন জাতি-জনগোষ্ঠীৰ নৃত্য-গীত আৰু কলা- কৃষ্টিৰে বাৰেবৰণীয়া সাংস্কৃতিক শোভাযাত্ৰা । শোভাযাত্ৰা উদ্বোধন কৰে ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ প্ৰাক্তন সদস্য তপন ৰাভাই । ইপিনে ৯-৩০ বজাত শিল্পী পেঞ্চনাৰ চহিন ৰাভাৰ দ্বাৰা ৰাভা লোক সংস্কৃতি প্ৰদৰ্শন কৰা হয় । আবেলি ১ বজাত বিচিত্ৰ নাৰায়ণ ৰাভাৰ পৌৰোহিত্যত অনুষ্ঠিত মুকলি সভা খন উদ্বোধন কৰে দৰংগিৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক প্ৰতুল চন্দ্ৰ ৰাভাই ।

উক্ত সভাতে সমাজত প্ৰচলিত ডাইনী প্ৰথাৰ বিৰুদ্ধে দুই দশক যুৰি যুঁজ দি অহা পদ্মশ্ৰী বীৰুবালা ৰাভাক সম্বৰ্ধনা জনোৱা হয়। তদুপৰি সভাত বিকালী মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ড৹লক্ষ্যজিৎ ৰাভা,খেলুৱৈ মৃণাল ৰাভা,ডলিমা ৰাভা আৰু মণিষা ৰাভাক সম্বৰ্ধনা জনোৱা হয়। ইপিনে সভাত স্মৃতি গ্ৰন্থ "আফে নায়কায় " উন্মোচন কৰে আমজোঙাৰ পণ্ডিত দীনদয়াল আদৰ্শ মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹নৱজ্যোতি শৰ্মাই।

সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে নিখিল ৰাভা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক প্ৰদীপ ৰাভা । সভাত বিশিষ্ট অতিথি ৰূপে অংশ গ্ৰহণ কৰে অসমীয়া প্ৰতিদিন কাকতৰ জ্যেষ্ঠ সাংবাদিক প্ৰকাশ মহন্ত। তদুপৰি সভাত ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা,দুধনৈ বিধানসভা সমষ্টিৰ বিধায়ক যাদৱ স্বৰ্গীয়াৰী, গোৱালপাৰা জিলাৰ উপায়ুক্ত খনিন্দ্ৰ চৌধুৰীৰ লগতে কেবাগৰাকী বিশিষ্ট ব্যক্তি ভাষণ প্ৰদান কৰে।

অধিৱেশনৰ আজি অন্তিম দিনাৰ কাৰ্যসূচী অনুসৰি পুৱা দহ বজাত অনুষ্ঠিত হয় দুধনৈ পূৰ্বাঞ্চল ৰাভা মহিলা সমাজৰ মুকলি সভা । দীনৱতী ৰাভাৰ পৌৰোহিত্যত অনুষ্ঠিত মুকলি সভাত মুখ্য অতিথি ৰূপে অংশ গ্ৰহণ কৰে দুধনৈ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া ৰীতা ৰাভা, নিৰ্দিষ্ট বক্তাৰূপে অংশ গ্ৰহণ কৰে বিকালী মহাবিদ্যালয়ৰ অধ্যাপিকা অপৰাজিতা ৰাভা, বিশিষ্ট অতিথি ৰূপে অংশ গ্ৰহণ কৰে মৰিগাঁও মহাবিদ্যালয়ৰ অধ্যাপিকা হেমপ্ৰভা ৰাভা আৰু পশু চিকিৎসক ডা:চন্দ্ৰমা ৰাভা ।

তদুপৰি আমন্ত্ৰিত অতিথি ৰূপে কেবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকি ভাষণ প্ৰদান কৰে । আবেলি ১ বজাত দুধনৈ পূৰ্বাঞ্চল ৰাভা সমাজ,ৰাভা মহিলা সমাজ আৰু ৰাভা যুৱ ছাত্ৰ পৰিষদৰ সন্মিলিত ত্ৰিপাক্ষিক সভা অনুষ্ঠিত হয় । ইয়াৰ পাছতে সমাজৰ পতাকা অৱনমনেৰে তিনি দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা ৬০ সংখ্যক বাৰ্ষিক অধিবেশনৰ আজি সফল সামৰণি পৰে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in