/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/23945d37-5fd5-4eed-abf4-b57a2fd032da/AP_FOR_WEB_dry_day.jpg)
ডিজিটেল সংবাদ, পাটাছাৰকুছিঃ অহা ৭ মে’,ত লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। আসন্ন লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ বাবে বজালী জিলাত বজালীৰ জিলা আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া মৃদুল কুমাৰ দাসে ড্ৰাই ডে' ঘোষণা কৰিছে।
জিলা আয়ুক্ত স্বাক্ষৰিত নিৰ্দ্দেশনাটোত কোৱা হৈছে যে ৫ মে’ সন্ধিয়া ৫বজাৰ পৰা ৭ মে’ৰ সন্ধিয়া ৫বজালৈ ৪৮ ঘণ্টাৰ বাবে বজালীত ড্ৰাই ডে' ঘোষণা কৰা হৈছে। উল্লেখিত সময়ছোৱাত সকলো ধৰণৰ সুৰা বিক্ৰীৰ বিপনী বন্ধ ৰাখিব লাগিব বুলি নিৰ্দ্দেশনাটোত কোৱা হৈছে।
Also Read: চাকৰি গ'ল দিল্লী মহিলা আয়োগৰ ঠিকাভিত্তিক কৰ্মচাৰীৰ: সমালোচিত লেফটেনেণ্ট গভৰ্ণৰ...