চাকৰি গ'ল দিল্লী মহিলা আয়োগৰ ঠিকাভিত্তিক কৰ্মচাৰীৰ: সমালোচিত লেফটেনেণ্ট গভৰ্ণৰ...

চাকৰি কৰ্তনৰ নিৰ্দেশক তুঘলকী নিৰ্দেশ আখ্যা আপৰ

author-image
Asomiya Pratidin
New Update
চাকৰি গ'ল দিল্লী মহিলা আয়োগৰ ঠিকাভিত্তিক কৰ্মচাৰীৰ: সমালোচিত লেফটেনেণ্ট গভৰ্ণৰ...

চাকৰি গ'ল দিল্লী মহিলা আয়োগৰ ঠিকাভিত্তিক কৰ্মচাৰীৰ: সমালোচিত লেফটেনেণ্ট গভৰ্ণৰ...

ডিজিটেল ডেস্কঃ দিল্লী মহিলা আয়োগৰ ঠিকাভিত্তিক সকলো কৰ্মচাৰীকে লেফটেনেণ্ট গভৰ্ণৰ ভি কে ছাক্সেনাই তাৎক্ষণিকভাৱে কামৰ পৰা আঁতৰালে। ইয়াৰ পাছতে আৰম্ভ হৈছে বিভিন্ন বিতৰ্ক। আপে সমালোচনাৰ লক্ষ্য কৰি লৈছে লেফটেনেণ্ট গভৰ্ণৰগৰাকীক।

Advertisment

এই সন্দৰ্ভত আম আদমি পাৰ্টিৰ নেত্ৰী, ৰাজ্যসভাৰ সাংসদ, আয়োগৰ প্ৰাক্তন অধ্যক্ষ স্বাতী মালিৱালে অভিযোগ কৰি কয়, দিল্লীৰ লেফটেনেণ্ট গভৰ্ণৰে দিল্লী মহিলা আয়োগৰ পৰা সকলো ঠিকাভিত্তিক কৰ্মচাৰীক অপসাৰণ কৰিছে।

তেওঁ এক্সত লিখিছে- ‘’লেফটেনেণ্ট গভৰ্ণৰ চাহাবে দিল্লী মহিলা আয়োগৰ সকলো ঠিকাভিত্তিক কৰ্মচাৰীক অপসাৰণ কৰাৰ বাবে তুঘলকী নিৰ্দেশ জাৰি কৰিছে। মহিলা আয়োগত মুঠ ৯০ গৰাকী কৰ্মচাৰী আছে, যাৰ ভিতৰত চৰকাৰে মাত্ৰ ৮ গৰাকী কৰ্মচাৰীকহে নিয়োগ কৰিছে। বাকীবোৰ ৩-৩ মাহৰ চুক্তিত আছে।‘’

তেওঁ লগতে লিখিছে- "যদি সকলো ঠিকাভিত্তিক কৰ্মচাৰীক আঁতৰোৱা হয়, মহিলা আয়োগত তলা লাগিব। এই মানুহবোৰে কিয় এনেকুৱা কৰি আছে? এই প্ৰতিষ্ঠানটো তেজ আৰু ঘামেৰে নিৰ্মিত। কৰ্মচাৰীসকলক অধিক সুৰক্ষা দিয়াৰ পৰিৱৰ্তে, আপুনি ইয়াক মূলৰ পৰা ধ্বংস কৰিছে নেকি?মই জীয়াই থাকোতে মহিলা আয়োগ বন্ধ হ'বলৈ নিদিওঁ। মোক কাৰাগাৰত ৰাখক, মহিলাৰ ওপৰত অত্যাচাৰ নকৰিব!"

উল্লেখ্য যে, দিল্লীৰ লেফটেনেণ্ট গভৰ্ণৰ ভি কে ছাক্সেনাই দিল্লী মহিলা আয়োগৰ পৰা ২২৩ গৰাকী কৰ্মচাৰীক তাৎক্ষণিকভাৱে আঁতৰাবলৈ নিৰ্দেশনা জাৰি কৰিছে। লেফটেনেণ্ট গৱৰ্ণৰে অভিযোগ কৰিছে যে, দিল্লী মহিলা আয়োগৰ প্ৰাক্তন অধ্যক্ষগৰাকী নিয়মবিৰোধী আছিল আৰু লেফটেনেণ্ট গভৰ্ণৰৰ অনুমতি অবিহনে এই কৰ্মচাৰীসকলক নিযুক্তি দিছিল, যি 'অবৈধ'।

Also Read: ৰাজনীতিৰ নামত মোডীয়ে কৰিছে কেমিডি, শ্যাম ৰংগিলাই কমেডিৰ মাজেৰে কৰিব ৰাজনীতি...

দিল্লী আপ