লাহোৱালত জব্দ ২০ লক্ষাধিক টকাৰ মূল্যৰ ড্ৰাগছ; আটক তিনি সৰবৰাহকাৰী

লাহোৱালত জব্দ ২০ লক্ষাধিক টকাৰ মূল্যৰ ড্ৰাগছ; আটক তিনি সৰবৰাহকাৰী

author-image
Asomiya Pratidin
New Update
লাহোৱালত জব্দ ২০ লক্ষাধিক টকাৰ মূল্যৰ ড্ৰাগছ; আটক তিনি সৰবৰাহকাৰী

লাহোৱালত জব্দ ২০ লক্ষাধিক টকাৰ মূল্যৰ ড্ৰাগছ; আটক তিনি সৰবৰাহকাৰী User

ডিজিটেল ডেস্ক: ৰাজ্যত পুনৰ বুজন পৰিমানৰ জ্ৰাগছসহ তিনি সৰবৰাহকাৰীক আটক আৰক্ষীৰ। ডিব্ৰুগড়ৰৰ লাহোৱালত শনিবাৰে ডিব্ৰুগড় আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি তিনি ড্ৰাগছ সৰবৰাহকাৰীক মোহনবাৰীৰ বাইপাছত হাতে লোটে আটক কৰিবলৈ সক্ষম হয়।

Advertisment

তিনি ড্ৰাগছ সৰবৰাহকাৰীৰ পৰা নগদ ৫ লাখ ৪৪ হাজাৰ টকাসহ আন্তঃৰাষ্ট্ৰীয় বজাৰ অনুসৰি প্ৰায় ২০ লক্ষাধিক টকাৰ ৩৫ গ্ৰাম ড্ৰাগছ উদ্ধাৰ কৰাৰ লগতে AS-06-Q0436 নম্বৰৰ এখন ব’লেৰ বাহন আৰু AS-23K-1089 আন এখন এল্ট বাহনসহ ৫টাকৈ মোবাইল জব্দ কৰে আৰক্ষীয়ে।

আৰক্ষীয়ে আটক কৰা তিনি ড্ৰাগছ সৰবৰাহকাৰী ক্ৰমে তিনিচুকীয়াৰ ৰূপজিৎ বৰুৱা (২৮), যোৰহাট তিতাবৰৰ দাদু বৰা(৪৩) আৰু যোৰহাট তিতাবৰ মধুপুৰৰ মুকুল বৰা (২৪) ।

আৰু পঢ়ক: চিকিৎসালয়ৰ গাফিলতিত ৰোগীৰ মৃত্যু; ডিব্ৰুগড়ৰ "অপেক্ষা হস্পাতাল"ৰ বিৰুদ্ধে গোচৰ ৰজু...

drugs assam assampolice