/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/e82cfbf6-e768-488d-a681-f301c77f22fb/akhi.jpg)
ডিজিটেল সংবাদ ,ঢকুৱাখনা : ঢকুৱাখনা মহকুমাৰ বৃহত্তৰ সোৱণশিৰী অঞ্চলত স্থাপিত ইউনাইটেড ট্ৰাইবেল ডিগ্ৰী মহাবিদ্যালয়ে শিক্ষাৰ্থীৰ ভৱিষ্যত জীৱনকলৈ ভয়ংকৰ হেতালি খেলি আহিছে । মহাবিদ্যালয়খনৰ একাংশ শিক্ষাৰ্থীৰ জীৱনকলৈ নিৰ্লজ হেতালি খেলি অহা এই বেচৰকাৰী শিক্ষানুষ্ঠানখনৰ কৰ্তৃপক্ষই গ্ৰহণ কৰা স্বেচ্ছাচাৰীৰাজ সন্দৰ্ভত এক সংবাদমেলৰ আয়োজন কৰা হয় ঢকুৱাখনাত।
অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ঢকুৱাখনা শাখাৰ উদ্যোগত শাখা কাৰ্য্যালয়ত দেওবাৰে সম্বোধিত সংবাদমেলত মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ বিনেশ্বৰ পাতিৰ আৰু উপাধ্যক্ষ দ্বীপেন গগৈৰ দায়িত্বহীনতা আৰু উদাসীন ভূমিকাৰ বাবে শিক্ষাৰ্থী পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পাছতো অনুপস্থিত থকাৰ লগতে ছাত্ৰ জলপানীৰ নামত বৃহৎ বিত্তীয় অনিয়ম সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে ।
সংবাদমেলত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ঢকুৱাখনা সদৰ শাখাৰ সম্পাদক যতীন খনিকৰ, যুটীয়া সম্পাদক বিশ্বজিত দাস ,প্ৰাক্তন সম্পাদক প্ৰাণ সন্তোষ গগৈ আৰু সদস্য অখিল চুতীয়া উপস্থিত থাকি এই অভিযোগ উত্থাপন কৰে। উক্ত সংবাদমেলত ইউনাইটেড ট্ৰাইবেল ডিগ্ৰী মহাবিদ্যালয়ত ৰাজ্যখনৰ বহু দূৰ দূৰণিৰ ছাত্ৰ ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰি অহা বুলি বিদ্যাৰ্থী পৰিষদৰ নেতৃবৰ্গই কৈ এইসকল শিক্ষাৰ্থীৰ শৈক্ষিক জীৱন এই মহাবিদ্যালয়খনত সুৰক্ষিত নোহোৱাৰ অভিযোগ উত্থাপন কৰে।
নেতৃবৰ্গই মহাবিদ্যালয়খনত অব্যাহত থকা পৰ্বত সম অনিয়ম সন্দৰ্ভত ২০২২ চনৰ ৩ ডিচেম্বৰত তথ্য জনাৰ অধিকাৰ আইনৰ জৰিয়তে প্ৰথমটো আবেদন আৰু ১৯ ডিচেম্বৰত দ্বিতীয়টো আবেদন কৰিছিল । মহাবিদ্যালয়ৰ ছাত্ৰ জলপানী (স্কুলাৰশ্বিপ) অবৈধ ভাৱে কুক্ষীগত কৰা আৰু স্নাতক মহলাৰ পৰীক্ষাৰ্থী পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পাছতো অনুপস্থিত থকা বুলি আভুৱা ভৰা সন্দৰ্ভত তথ্য বিচাৰি কেইবাবাৰো কৰা আৰ টি আই আবেদনৰ এবাৰো উত্তৰ লাভ নকৰিলে আবেদনকাৰীয়ে।
সংবাদমেলত ব্যক্ত কৰা মতে মহাবিদ্যালয়খনৰ একাংশ শিক্ষাৰ্থীৰ নামত চৰকাৰী পুঁজি অপচয় আৰু শিক্ষাৰ্থী একাংশ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পাছতো অনুপস্থিত দেখুওৱা সন্দৰ্ভত দুখনকৈ আবেদন কৰাৰ নিৰ্ধাৰিত সময় অতিক্ৰম কৰাৰ পাছতো সুদুত্তৰ লাভ নকৰিলে আবেদনকাৰী যতীন খনিকৰে। পৰৱৰ্তী সময়ত খনিকৰে যোৱা ২১জানুৱাৰীত এই সন্দৰ্ভত ঢকুৱাখনা মহকুমাধিপতি অৰিন্দম বৰুৱাক এক অভিযোগ দাখিল কৰি ন্যায় বিচাৰ কামনা কৰে । তাৰ পাছতো কোনো সুফল লাভ নকৰা বুলি জানিবলৈ দি উপায়ন্তৰ হৈ ন্যায় বঞ্চিত ,ভুক্তভোগী ছাত্ৰ অখিল চুতীয়াই ঘিলামৰা আৰক্ষী থানাত এক গোচৰ ৰুজু কৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/e5d22916-a0f3-4f86-85f4-053c8e2edc74/446e1146_23a4_423d_ae4b_676d6f5e0d53.jpg)
এই স্পৰ্শকাতৰ বিষয় সন্দৰ্ভতো আৰক্ষীয়ে অতি দায়িত্বহীন স্থিতি গ্ৰহণ কৰাৰ অভিযোগ উত্থাপন কৰে । ভুক্তভোগী ছাত্ৰ চুতীয়াই জনোৱা মতে ২০২২ চনৰ ষষ্ঠ ষান্মাষিকৰ দৰ্শন বিভাগৰ দুখন কাকতৰ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পাছতো ৰহস্যজনক ভাবে অনুপস্থিতি থকা দেখুৱাই । এই সন্দৰ্ভত বিশেষ সূত্ৰে জানিব পাৰি ভুক্তভোগী ছাত্ৰজনে অধ্যক্ষ ডঃ বিনেশ্বৰ পাতিৰ আৰু উপাধ্যক্ষ দ্বীপেন গগৈক অৱগত কৰাৰ পাছতো কোনো গুৰুত্ব নিদিলে বুলি কৈ পুনৰ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ হে পৰামৰ্শ দিয়ে বুলি জনাই ।
পৰৱৰ্তী সময়ত এই সমস্ত বিষয় সন্দৰ্ভত ঘিলামৰা আৰক্ষীক গোচৰ দিয়াৰ পাছত মহাবিদ্যালয় কৰ্তৃপক্ষই নিজৰ দুষ্কাৰ্য গাপ দিবলৈ আৰক্ষীক ৰহস্যজনক ভাবে কাবু কৰি ভুৱা তথ্য দি গা এৰা মনোভাৱ প্রদর্শনহে কৰিলে বুলি জনাই। মহাবিদ্যালয় কৰ্তৃপক্ষই আৰক্ষীক যি পাৰ্চেল নম্বৰৰ জৰিয়তে ডিব্ৰুগড় বিশ্ববিদ্যালয়লৈ ছাত্ৰজনৰ উত্তৰ বহী ডাক সেৱাৰ জৰিয়তে প্ৰেৰণ কৰা বুলি জনাইছিল সেই পাৰ্চেল গোলাঘাট জিলাৰ বোকাখাতলৈহে যোৱা বুলি অনুসন্ধান কালত পোহৰলৈ আহে বুলি জনাই ডাক বিভাগৰ সূত্ৰই ।
এই কথা আৰক্ষী বিষয়া গৰাকীক অৱগত কৰাৰ পাছতো এনে সীমাহীন কাণ্ডজ্ঞানহীন স্থিতি গ্ৰহণ কৰি অহা মহাবিদ্যালয় কৰ্তৃপক্ষৰ দৌৰাত্ম্য ৰোধত আৰক্ষী বিষয়া গৰাকীৰ লগতে মহকুমা প্ৰশাসক গৰাকীয়ে যি সোপাধিলা স্থিতি গ্ৰহণ কৰা বুলি আক্ষেপেৰে জানিবলৈ দিলে । এক ভয়ংকৰ দুৰ্নীতি অনিয়ম পোহৰলৈ অনাত এনেবোৰ বিষয়া আমোলাই চূড়ান্ত ব্যৰ্থতা প্রদর্শন কৰাৰ আঁৰত কি ৰহস্য আছে সেয়া সাঁথৰ বুলি অভিহিত কৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/d00912e6-3cd5-450a-a0e6-a2d8e8cc483f/6c47937e_7203_463a_8cde_4463f69e4d73.jpg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/1d4e9e3d-a038-478e-b49c-982c7547790b/ea623414_7a80_4d94_b8a7_e4a9786120d3.jpg)
অতি তাৎপৰ্য পূৰ্ণ দিশ হ'ল ঘিলামৰা থানাত ন্যায় বিচাৰি ভুক্তভোগী ছাত্ৰজনে দাখিল কৰা গোচৰৰ আজি পৰ্যন্ত পঞ্জীয়নেই নকৰিলে তদন্তকাৰী বিষয়া ত্ৰিনয়ন দলেয়ে । তাৰোপৰি মহাবিদ্যালয়ত অধ্যয়ন নকৰা আৰু মহাবিদ্যালয় ত্যাগ কৰি যোৱা শিক্ষাৰ্থীৰ নামতো "ছাত্ৰ জলপানী " (স্কুলাৰশ্বিপ) গ্ৰহণ কৰি চৰকাৰী পুঁজি অপচয় কৰাৰো অভিযোগ উত্থাপন কৰি এই সমস্ত অনিয়ম, দুৰ্নীতি পোহৰলৈ অনাৰ বাবে বিদ্যাৰ্থী পৰিষদে গ্ৰহণ কৰা তৎপৰতা ঘিলামৰা আৰক্ষী আৰু ঢকুৱাখনা মহকুমা প্ৰশাসনৰ দুৰ্বল আৰু বেপৰোৱা নীতিৰ বাবেই স্তিমিত হোৱাৰো অভিযোগ উত্থাপন কৰে । এই স্পৰ্শকাতৰ বিত্তীয় অনিয়ম আৰু শিক্ষাৰ্থী বিৰোধী নীতিৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষা মন্ত্ৰী ডাঃ ৰনোজ পেগুৰ জৰুৰী হস্তক্ষেপ পৰিষদে কামনা কৰিছে ভুক্তভোগী ছাত্ৰ আৰু বিদ্যাৰ্থী পৰিষদে।
Also Read: দৰঙত ক'লা সোণ ভৰ্তি ৬ খন ট্ৰাক, আৰক্ষী-পৰিবহন বিভাগৰ হাতত নাই কোনো তথ্য...