নামৰূপত গাঞ্জা, ড্ৰাগছ সহ আটক দুজন

নামৰূপ থানাৰ অন্তৰ্গত শান্তিপুৰ গাঁওৰ পৰা নামৰূপ আৰক্ষীয়ে আজি বিয়লি তিনি কেজি পাছ শ গ্ৰাম গাঞ্জা আৰু এটা সৰু টেমা ভৰ্তি হেৰ'ইন ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয়।

author-image
Asomiya Pratidin
New Update
নামৰূপত গাঞ্জা, ড্ৰাগছ সহ আটক দুজন

ডিজিটেল সংবাদ, নামৰূপ: নামৰূপ থানাৰ অন্তৰ্গত শান্তিপুৰ গাঁওৰ পৰা নামৰূপ আৰক্ষীয়ে মঙলবাৰে বিয়লি তিনি কেজি পাছ শ গ্ৰাম  গাঞ্জা আৰু এটা সৰু টেমা ভৰ্তি  হেৰ'ইন ড্ৰাগছ  জব্দ কৰিবলৈ সক্ষম হয়। নামৰূপ থানাৰ পৰা প্ৰাপ্ত তথ্য মতে  এক বিশেষ  সূত্ৰৰ পম খেদি নামৰূপ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নীলকমল বৰুৱা আৰু নামৰূপ উপ আৰক্ষী অধীক্ষকৰ  নব কুমাৰ বৰাৰ নেতৃত্বত চলিছিল অভিযান। এই অভিযানত  শান্তিপুৰ(মিলনপুৰ) গাঁৱৰ বাসিন্দা  ৰণিত চেতিয়াৰ( ২৩) ঘৰত অভিযান চলাই ৩ কেজি গাঞ্জা আৰু এটা হেৰ'ইন ড্ৰাগছ ভর্তি টেমা জব্দ কৰে।

Advertisment

আনহাতে ৰণিত চেতিয়া কাষৰে নিৱাসী দীপেন বৰুৱাৰ (৪২) ঘৰটো আৰক্ষীয়ে অভিযান চলাই উদ্ধাৰ কৰে আধা কেজি গাঞ্জা। নামৰূপ আৰক্ষীয়ে ইতিমধ্যেই ১৯৮৫ এন ডি পি এচ আইনৰ অধীনত এক গোচৰ ৰুজু কৰি লোক দুজনক গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে।

আৰু পঢ়ক: স্বৰ্ণ মন্দিৰ দৰ্শন কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ

assam namrup