মেৰাপানীত বৃহৎ পৰিমাণৰ নিচাযুক্ত টেবলেট উদ্ধাৰ

মেৰাপানীত বৃহৎ পৰিমাণৰ নিচাযুক্ত টেবলেট উদ্ধাৰ

author-image
Asomiya Pratidin
New Update
মেৰাপানীত বৃহৎ পৰিমাণৰ নিচাযুক্ত টেবলেট উদ্ধাৰ

ডিজিটেল সংবাদ, গোলাঘাট: মেৰাপানীত ১৪২ নং চিআৰপিএফ বাহিনীৰ ড্ৰাগছ বিৰোধী অভিযানত বুধবাৰে জব্দ হৈছে বুজন পৰিমাণৰ নিচাযুক্ত টেবলেট।মেৰাপানী টাউনৰ এটা বাসগৃহত অভিযান চলাই চিআৰপিএফে জব্দ কৰে নিচাযুক্ত টেবলেটখিনি।

এগৰাকী মহিলাৰ বাসগৃহত চলোৱা অভিযানত চিআৰপিএফে জব্দ কৰে সৰ্বমুঠ ৪৮৪০ টা চিমপেক্স প্লাচ টেবলেট। অৱশ্যে চিআৰপিএফৰ আগমনৰ বতৰা পাই পলায়ন কৰে ড্ৰাগছ ব্যৱসায়ী মহিলাগৰাকী।

চিআৰপিএফে সোধপোচৰ বাবে ড্ৰাগছসহ আটক কৰিছে মহিলগৰাকীৰ জোঁৱাই অচ্যুত দাসক। জব্দকৃত টেবলেটসমূহৰ বজাৰমূল্য লক্ষাধিক টকা হ'ব বুলি অনুমান কৰা গৈছে। ১৪২ নং চিআৰপিএফ বাহিনীৰ কামাণ্ডাৰ চাহজাহান খানৰ নেতৃত্বত চলোৱা ড্ৰাগছ বিৰোধী অভিযানটোত মেৰাপানী আৰক্ষীয়েও সহযোগ কৰে। উল্লেখযোগ্য যে, শেহতীয়াকৈ নাগালেণ্ড সীমান্তৱৰ্তী মেৰাপানী অঞ্চলত ব্যাপক হাৰত বৃদ্ধি পাইছে ড্ৰাগছৰ প্ৰচলন।

Also Read: ৰঙিয়া মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উদযাপন

Assam police