
ডিজিটেল সংবাদ, জামুগুৰিহাটঃ এক নৃশংস হত্যাকাণ্ডই জোকাৰি গৈছে সমগ্ৰ জামুগুৰিহাট৷ অঞ্চলটোৰ ওপৰ টলকাবাৰী গাঁও নিবাসী তথা অগ্নি নিৰ্বাপক বাহিনীত কৰ্মৰত তিনি কন্যা সন্তানৰ পিতৃ বকুল বৰা নামৰ লোকজন হত্যাৰ বলি হয়। চোকা অস্ত্ৰৰে শৰীৰৰ বিভিন্ন স্থানত ঘপিয়াই হত্যা কৰি হত্যাকৰীয়ে পেলাই থৈ যায় পথাৰৰ মাজত৷ এই হত্যাকাণ্ড বৃহস্পতিবাৰে নিশা সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে।
বাৰেচহৰীয়া ভাওনাৰ শেষৰ দিনটোত পত্নী সহিতে দুই কন্যা সন্তান ভাওনাৰ সাংস্কৃতিক সন্ধ্যা চাবলৈ যোৱাৰ বাবেই দ্বিতীয়া কন্যা সন্তানক পিতৃৰ লগত ঘৰতে থৈ গৈছিল পত্নীয়ে৷ কিন্তু উভতি আহি স্বামীক নাপালেহি দুৰ্ভগীয়া পত্নীয়ে৷ কোনোদিন মোবাইলৰ চুইটছ অফ নথকা স্বামী বকুল বৰাক পত্নীয়ে যোগাযোগ কৰিবলৈ অহৰহ চেষ্টা কৰিও বিফল হৈছিল ৷ তেতিয়াৰ পৰাই নিৰুদ্দেশ হৈ আছিল বকুল বৰা।
কিন্তু শনিবাৰে পথাৰত বকুলৰ ক্ষত বিক্ষত মৃতদেহ উদ্ধাৰ হোৱাত শোকত বিহ্বল হৈ পৰিছে পৰিয়ালৰ লগতে আত্মীয়। হত্যাকৰীক কৰায়ত্ব কৰি ফাচি দিয়াৰ দাবী তুলিছে পত্নীয়ে৷
ধেমাজীত কৰ্মৰত বকুল বৰা বাৰেচহৰীয়া ভাওনা উপলক্ষে নিজ গৃহলৈ ছুটিত আহিছিল। বৃহস্পতিবাৰে ভাওনা চাবলৈ যোৱাৰ কথা আছিল তেওঁৰ। এয়া এক পৰকল্পিত হত্যাকাণ্ড বুলি সন্দেহ কৰিছে একাংশই। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।