গুৱাহাটীৰ এপাৰ্টমেন্টত জব্দ কোটি টকাৰ নিচাজাতীয় দ্ৰব্য, গ্ৰেপ্তাৰ ২ জন

গুৱাহাটীৰ এপাৰ্টমেন্টত জব্দ কোটি টকাৰ নিচাজাতীয় দ্ৰব্য, গ্ৰেপ্তাৰ ২ জন

ডিজিটেল ডেস্কঃ মহানগৰীৰ হেঙেৰাবাৰীত নিচাযুক্ত সামগ্রী জব্দ। বৃহস্পতিবাৰে নিশা শেৱালি পথৰ গনপতি এনক্লেভৰ পৰা জব্দ কেইবাকোটি টকাৰ নিচাযুক্ত সামগ্ৰী।

আৰক্ষীৰ অভিযানত জব্দ ৩৩ গ্রাম কোকেইন, ১১.৬৪গ্রাম এমডিএমএ। ক্রাইম ব্রাঞ্চ আৰু দিছপুৰ আৰক্ষীয়ে যুটীয়াভাৱে চলাইছিল এই অভিযান। লগতে জব্দ ৩টা মোবাইল, এখন চাৰিচকীয়া বাহন আৰু নগদ ৩ হাজাৰ টকা।

ঘটনা সন্দৰ্ভত দুই সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰিছে আৰক্ষীয়ে। গ্ৰেপ্তাৰ কৰা দুজন- দিগ্বিজয় নবীশ (৩৭), কুণ্ডন ঠাকুৰ(১৯)।

লগতে সোধা-পোছাৰ বাবে আন ৫ যুৱক-যুৱতীক আটক কৰিছে আৰক্ষীয়ে। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আৰক্ষীৰ।

গুৱাহাটীৰ এপাৰ্টমেন্টত জব্দ কোটি টকাৰ নিচাজাতীয় দ্ৰব্য, গ্ৰেপ্তাৰ ২ জন
যতি পৰিল ক্ষমতাত! শীঘ্ৰেই অপসাৰিত হ'ব আঙুৰলতা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in