যতি পৰিল ক্ষমতাত! শীঘ্ৰেই অপসাৰিত হ'ব আঙুৰলতা...

যতি পৰিল ক্ষমতাত! শীঘ্ৰেই অপসাৰিত হ'ব আঙুৰলতা...

ডিজিটেল ডেস্কঃ ক্ষমতা হেৰুৱাৰ দিশে বিজেপিৰ মহিলা মৰ্চাৰ ৰাজ্যিক সভানেত্ৰী আঙুৰলতা ডেকা। দলৰ কাম-কাজত বিগচ কেইবামাহো ধৰি সন্ধান নাই আঙুৰলতাৰ। চৰ্চা চলিছে তেওঁ নতুনকৈ নতুন দিল্লীত খুলিছে নমামী নামৰ এখন অতিথিশালা।

লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ ২টা মাহ থকাত বিজেপিৰ মহিলা মৰ্চাৰ সভানেত্ৰীৰ সাংগঠনিক কাম-কাজত আনুষ্ঠানিত অনুপস্থিতিয়েই এতিয়া দৃষ্টিগোচৰ কৰিছে সকলোৰে। সৰ্বানন্দ সোনোৱাল নেতৃত্বাধীন বিজেপিৰ প্ৰথমখন চৰকাৰৰ আমোলত অভিনেত্রী আঙুৰলতা ডেকা আছিল বিজেপিৰ আটাইতকৈ ক্ষমতাশালী মহিলা নেত্রী।

বিজেপিত দপদপাই ফুৰিছিল আঙুৰলতাই। কিন্তু হঠাৎ যেন বিজেপিত ছন্দপতন ঘটিল অভিনেত্ৰীগৰাকীৰ। হাৰিয়ানাৰ বিজেপি নেতা ৰবীন্দ্ৰ ৰাজুৱে অসমৰ ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদকৰ দায়িত্ব গ্রহণ কৰাৰ পিচৰে পৰাই বাজপেয়ী ভৱনত ৰহস্যজনকভাৱে কমিল আঙুৰলতা ডেকাৰ গুৰুত্ব।

মাজতে গুৱাহাটী লোকসভা সমষ্টিৰ প্রার্থিত্বৰ দৌৰত নাম ওলাইছিল অভিনেত্ৰীগৰাকীৰ। কিন্তু সেই নামৰ পৰাও এতিয়া যেন বাদ পৰিছে আঙুৰলতা।

জানিব পৰা মতে শীঘ্ৰে মহিলা মৰ্চাৰ ৰাজ্যিক সভানেত্রী পদৰ পৰা অপসাৰিত হ'ব আঙুৰলতা। লোকসভা নিৰ্বাচনৰ পূৰ্বে মহিলা মৰ্চাৰ ৰাজ্যিক সভানেত্রীৰূপে স্থলাভিষিক্ত হ'ব পাৰে মহিলা মৰ্চাৰ অন্যতম সাধাৰণ সম্পাদক পূৰৱী ৰায় বা অনুসূচিত জাতি মৰ্চাৰ উপ-সভাপতি স্বপ্না বণিয়াৰ ভিতৰৰে কোনোবা এগৰাকী।

যতি পৰিল ক্ষমতাত! শীঘ্ৰেই অপসাৰিত হ'ব আঙুৰলতা...
চৰকাৰৰ বিশেষ সিদ্ধান্তঃ মাদ্ৰাছাত শিকোৱা হ'ব গণিত,বিজ্ঞান, ইংৰাজী, কানাড়া

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in