মেঘালয়ত নিচাজাতীয় সামগ্ৰী জব্দ, গ্ৰেপ্তাৰ ৩ সৰবৰাহকাৰী

মেঘালয়ত নিচাজাতীয় সামগ্ৰী জব্দ, গ্ৰেপ্তাৰ ৩ সৰবৰাহকাৰী

ডিজিটেল সংবাদ,শিলচৰঃ চুবুৰীয়া ৰাজ্য মেঘালয়ত আৰক্ষীয়ে নিচাজাতীয় সামগ্ৰী জব্দ কৰে। জানিব পৰামতে কাছাৰ সীমান্তৱৰ্তী মেঘালয়ৰ ৰাতাচৰাত ১৩৬ গ্ৰাম হেৰ’ইন জব্দ কৰে। হেৰ'ইন সৰবৰাহৰ অভিযোগত জড়িত থকা ৩ জন সৰবৰাকাৰীক মেঘালয় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

উল্লেখ্য যে শিলচৰ-শ্বিলং ৬ নং ৰাষ্ট্ৰীয় পথৰ ৰাতাচৰাত নাকা চেকিং চলোৱাৰ সময়ত এখন এল্টো বাহনৰ পৰা হেৰ'ইন ভৰ্তি ১৩ টা চাবোনৰ বাকচ জব্দ কৰে। জব্দকৃত হেৰ'ইনখিনিৰ মূল্য প্ৰায় ১.১ কোটি টকা বুলি আৰক্ষীয়ে সদৰি কৰিছে।

ধৃত লোক কেইজন হাজো উখুৰাৰ বিনোদ বড়ো,বদৰপুৰ শিবেৰ চ'কৰ আব্দুল মুকিত আৰু এল্টো বাহনখনৰ চালক গাৰো হিলছ ফুলবাৰীৰ তাজিৰুল শেখ। আনহাতে অভিযুক্ত কেইজনৰ পৰা ৩ টা মোবাইল ফোন জব্দ কৰে আৰক্ষীয়ে।

মেঘালয়ত নিচাজাতীয় সামগ্ৰী জব্দ, গ্ৰেপ্তাৰ ৩ সৰবৰাহকাৰী
বিজুলী ভৱনৰ পঞ্চম মহলাত বিধ্বংসী অগ্নিকাণ্ড...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in