পৰীক্ষাৰ ফলাফল মানেই যেন হতাশালৈ পৰিৱৰ্তিত হৈছে ভাৰতীয় শিক্ষা ব্যৱস্থা

পৰীক্ষাৰ ফলাফল মানেই যেন হতাশালৈ পৰিৱৰ্তিত হৈছে ভাৰতীয় শিক্ষা ব্যৱস্থা

ডিজিটেল ডেস্ক : পৰীক্ষাৰ ফলাফল মানেই যেন হতাশাত পৰিণত হৈছে ভাৰতীয় শিক্ষা ব্যৱস্থা । নিতৌ পৰীক্ষাৰ ফলাফলৰ চাপ সহ্য কৰিব নোৱাৰি আত্মহত্যাৰ পথ বাচি লোৱা শিক্ষাৰ্থীৰ সংখ্যা বৃদ্ধি হৈ গৈ থকাই ইয়াকেই সূচাই । স্কুলীয়া শিক্ষাৰ্থীৰ পৰা আৰম্ভ কৰি স্নাতক-স্নাতকোত্তৰ পৰ্যায়ৰ শিক্ষাৰ্থী পৰ্যন্ত ইয়াৰ চিকাৰ হৈ পৰিছে । পৰীক্ষা জ্ঞান অৰ্জনৰ মাপ-কাঠিৰ পৰিৱৰ্তে হৈ পৰিছে কেৰিয়াৰ সৰ্বোস্ব ।

যাৰ বাবেই এক অলিখিত প্ৰতিযোগিতাত নামি পৰিছে শিক্ষাৰ্থীসকল । পৰীক্ষাত অসফল হোৱা মানেই যেন জীৱনত অসফল হোৱা । ইয়াৰ বাবে বহু পৰিমাণে দায়ী পৰিক্ষাৰ্থী এগৰাকীৰ পিতৃ-মাতৃ আৰু সমাজ ব্যৱস্থ‍াও ।

তেনে এক ঘটনাই শেহতীয়াকৈ সংঘটিত হ'ল অন্ধ্ৰ প্ৰদেশত । ৰাজ্যখনৰ একাদশ আৰু দ্বাদশ শ্ৰেণীৰ ফলাফল ঘোষণা কৰাৰ ৪৮ ঘন্টাৰ ভিতৰতেই আত্মহননৰ পথ বাচি লয় ৯ গৰাকী কৈ শিক্ষাৰ্থীয়ে । আন দুগৰাকী শিক্ষাৰ্থীয়ে আত্মহননৰ প্ৰচেষ্টা চলোৱা বুলিও জনা গৈছে ।

উল্লেখ্য যে, ৰাজ্যখনত মুঠ ১০ লাখ শিক্ষাৰ্থীয়ে একাদশ আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু একাদশ শ্ৰেণীত উত্তীৰ্ণৰ হাৰ আছিল ৬১ শতাংশ আৰু দ্বাদশ শ্ৰেণীত আছিল ৭২ শতাংশ ।

১৬-১৭ বছৰীয়া এজাক কিশোৰ-কিশোৰীৰ, যি পৰীক্ষাত অনুত্তীৰ্ণ হোৱাৰ বাবে এনে চৰম সিদ্ধান্ত ল'বলৈ বাধ্য হ'ল সেই সকলৰ ওপৰত থকা মানসিক চাপ অকল্পনীয় । দেশৰ মানৱ সম্পদে এনে পথ বাছি লোৱাৰ পূৰ্বেই প্ৰয়োজন আছিল কিছু আশ্বাস, ভৰষা আৰু বিশ্বাসৰ বাণীৰ । সেই নূন্যতম খিনি সমাজে কাহানিও দিবলৈ সক্ষম হ'ব নে কণ-কণ শিক্ষাৰ্থীসকলক ?

পৰীক্ষাৰ ফলাফল মানেই যেন হতাশালৈ পৰিৱৰ্তিত হৈছে ভাৰতীয় শিক্ষা ব্যৱস্থা
অম্বুবাচী মেলা সুকলমে অনুষ্ঠিত কৰাৰ বাবে আগতীয়া তৎপৰতা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in