ভাতৃ-ভগ্নী নামিল ড্ৰাগছৰ ব্যৱসায়ত! পৰিল আৰক্ষীৰ জালত...

বোকাখাত আৰক্ষী থানাৰ অধীনস্থ নুমলীগড় তিনিআলিত বৃহস্পতিবাৰে সন্ধিয়া আৰক্ষীয়ে চলোৱা এক ড্ৰাগছ বিৰোধী অভিযানত বুজন পৰিমাণৰ ড্ৰাগছসহ ভাতৃ-ভগ্নীক গ্ৰেপ্তাৰ কৰে।

author-image
Asomiya Pratidin
New Update
ভাতৃ-ভগ্নী নামিল ড্ৰাগছৰ ব্যৱসায়ত! পৰিল আৰক্ষীৰ জালত...

ডিজিটেল সংবাদ, নুমলীগড় : বোকাখাত আৰক্ষী থানাৰ অধীনস্থ নুমলীগড় তিনিআলিত বৃহস্পতিবাৰে সন্ধিয়া আৰক্ষীয়ে চলোৱা এক ড্ৰাগছ বিৰোধী অভিযানত বুজন পৰিমাণৰ ড্ৰাগছসহ ভাতৃ-ভগ্নীক গ্ৰেপ্তাৰ কৰে। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে, আজি এক গোপন সূত্ৰৰ ভিত্তিত গোলাঘাট জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক, বোকাখাত মহকুমা আৰক্ষী বিষয়াৰ নেতৃত্বত বোকাখাত আৰক্ষীৰ এটা দলে নুমলীগড় তিনিআলিৰ নিবাসী নৌছাদ চেইখ ওৰফে নৌছাদ আলীৰ বাসগৃহত অভিযান চলায়।

Advertisment

অভিযানৰ সময়ছোৱাত আৰক্ষীয়ে নৌছাদৰ বাসগৃহত মজুত কৰি ৰখা অৱস্থাত এক বুজন পৰিমাণৰ ভিন্ন প্ৰকাৰৰ ড্ৰাগছৰ পেকেট আৰু দুটা কণ্টেনাৰ আৰু আপত্তিজনক নথি-পত্ৰ জব্দ কৰে। লগতে নৌছাদ চেইখ আৰু তেওঁৰ ভগ্নী চৰিফা বেগমক গ্ৰেপ্তাৰ কৰে। উল্লেখ্য যে এই জব্দকৃত ড্ৰাগছৰ মূল্য লক্ষাধিক টকা হ'ব বুলি অনুমান কৰা হৈছে।

Also Read: ''উত্তৰ-পূৱ এতিয়া দিল্লী আৰু হৃদয়ৰ পৰা দূৰ নহয়'' বিজেপিৰ সাফল্যৰ ৰহস্য ক'লে মোডীয়ে...

Assam police crime