''উত্তৰ-পূৱ এতিয়া দিল্লী আৰু হৃদয়ৰ পৰা দূৰ নহয়'' বিজেপিৰ সাফল্যৰ ৰহস্য ক'লে মোডীয়ে...

ত্ৰিপুৰাত বিজেপিয়ে একক সংখ্যা গৰিষ্ঠতা দখল কৰাৰ বিপৰীতে নাগালেণ্ড আৰু মেঘালয়ত মিত্ৰজোঁটৰ সৈতে চৰকাৰ গঠনৰ দিশে আগবাঢ়িছে।

author-image
Asomiya Pratidin
New Update
সভ্যতা-ঐতিহ্য সামৰি ৰাজধানীত স্থাপন হ'ব আন্তৰ্জাতিক সংগ্ৰহালয়

ডিজিটেল ডেস্ক: বৃহস্পতিবাৰে ঘোষণা হয় উত্তৰ পূৱৰ ৩ ৰাজ্যৰ বিধান সভা নিৰ্বাচনৰ ফলাফল। ত্ৰিপুৰাত বিজেপিয়ে একক সংখ্যা গৰিষ্ঠতা দখল কৰাৰ বিপৰীতে নাগালেণ্ড আৰু মেঘালয়ত মিত্ৰজোঁটৰ সৈতে চৰকাৰ গঠনৰ দিশে আগবাঢ়িছে।

Advertisment

নিৰ্বাচনী ফলাফলৰ পাছত দিল্লীৰ বিজেপি কাৰ্যালয়ত দলীয় কাৰ্যকৰ্তাক সম্বোধন কৰে প্ৰধানমন্ত্ৰী মোডীয়ে। প্ৰধানমন্ত্ৰী গৰাকীয়ে কয় যে, জেপিৰ প্ৰদৰ্শনৰ ৰহস্যত ত্ৰিবেণী আছে। ই ৩টা বস্তুৰ সংমিশ্ৰণ। সেয়া হ'ল- বিজেপি চৰকাৰৰ দ্বাৰা কৰা কাম, বিজেপি চৰকাৰৰ নৈতিকতা আৰু বিজেপি কৰ্মীসকলৰ সহায় কৰা গুণ। এই ত্ৰিবেণীয়ে বিজেপিৰ ক্ষমতা ১+১+১ বৃদ্ধি কৰে যি ১১১ গুণৰ সমান।"

ভাষণৰ পূৰ্বে মোডীয়ে কাৰ্যকৰ্তা সকলক মোবাইলৰ লাইট অন কৰি উত্তৰ পূৱৰ লোক সকলক অভিনন্দন জনাবলৈ অহ্বান জনায়। এয়া দেশভক্তি, উত্তৰ পূৱৰ প্ৰগতিৰ বাবে সন্মান বুলি কয় মোডীয়ে। এই পোহৰ উত্তৰ পূৱৰ লোকৰ সন্মান, আৰু গোৰৱৰ বাবে বুলি কয় তেওঁ ।

মোডীয়ে শিৰ নত কৰি মেঘালয়, নাগালেণ্ড আৰু ত্ৰিপুৰাৰ লোক সকলক ধন্যবাদ জনাই আৰু বিজেপি কাৰ্যকৰ্তা সকলক অভিনন্দন জনায়। আজিৰ ফলাফল বিজেপি কাৰ্যকৰ্তাৰ ফল বুলি কয়।

মোডীয়ে কয় যে, আজিৰ ফলাফলে এয়া দেখুৱাই যে ভাৰতত গণতন্ত্ৰৰ ওপৰত মানুহৰ আস্থা আৰু আশ আছে। পূৰ্বতে উত্তৰ পূৰ্বাঞ্চলৰ নিৰ্বাচনৰ চৰ্চা হোৱা নাছিল। কেৱল নিৰ্বাচনী হিংসাৰ চৰ্চা হৈছিল। কিন্তু আজিৰ দিনত আমি পৰিৱৰ্তন দেখিছো। বিজেপিয়ে উত্তৰ পূৱৰ ৰাজনীতিত নতুন দিশ উদ্ভৱ কৰিছে। আজি কেৱল দেশৰ টিভিত নিৰ্বাচনৰ ফলাফল আছিল। এয়া নতুন চিন্তাৰ ফলাফল। এতিয়া উত্তৰ পূৱ দিল্লী আৰু হৃদয়ৰ পৰা দূৰ নহয়। এয়া নতুন ইতিহাস ৰচনা কৰাৰ সময়।

নিৰ্বাচনী ফলাফলত জয় লাভ কৰাতকৈ অন্য কাৰণত বেছি সুখী বুলি উল্লেখ কৰি মোডীয়ে কয় যে প্ৰধানমন্ত্ৰীৰ কাৰ্যকালত বাৰে বাৰে মই উত্তৰ পূৱলৈ গৈ তাৰ লোক সকলৰ মন জয় কৰিছো। ইয়ে মোক সন্তুষ্টি দিয়ে। উত্তৰ পূৱৰ লোক সকলে বুজি পাইছে কেন্দ্ৰৰ বিজেপি চৰকাৰত উত্তৰ পূৱক মহত্ব প্ৰদান কৰা হয়।

তদুপৰি কংগ্ৰেছকো বহু কটাক্ষ কৰি মোডীয়ে কয় যে বহু বছৰ ধৰি কংগ্ৰেছে উত্তৰ পূৱক গুৰুত্ব দিয়া নাছিল আৰু উপেক্ষা কৰি আহিছিল। কিন্তু বিজেপিৰ চৰকাৰে এই দূৰত্ব কমাই আনিছে।

Also Read: উত্তৰ-পূৱৰ হাত ধৰি ২০২৪ লৈ মোডী...

narendra modi tripura nagaland neghalaya