১০ গৰাকী সাংবাদিকলৈ ফেল'শ্বিপ ঘোষণা এন এফ আই আৰু অসম বাণীৰ যুটীয়া সহযোগিতাত

১০ গৰাকী সাংবাদিকলৈ ফেল'শ্বিপ ঘোষণা এন এফ আই আৰু অসম বাণীৰ যুটীয়া সহযোগিতাত

ডিজিটেল ডেস্ক : উদীয়মান তথা একনিষ্ঠ সাংবাদিকসকললৈ সুখবৰ কঢ়িয়াই আনিছে দ্য নেশ্বনেল ফাউনণ্ডেচন অৱ ইণ্ডিয়া আৰু অসম বাণীয়ে । এন এফ আইৰ ফেল'শ্বিপ কাৰ্যসূচীৰ অন্তৰ্গত স্বতন্ত্ৰ সাংবাদিকৰ বাবে আগবঢ়োৱা হৈছে ষষ্ঠ লানি মিডিয়া ফেল'শ্বিপ । 'অসম বাণী' কাকতৰ সৈতে যুটীয়া সহযোগিতাত, অসমীয়া ভাষাত সাংবাদিকতা কৰা ১০ গৰাকী সাংবাদিকলৈ এইবাৰৰ এই ফেল'শ্বিপ আগবঢ়োৱা হ'ব ।

ফেল'শ্বিপৰ বাবে আবেদনৰ অন্তিম তাৰিখ ১৯ মাৰ্চ,২০২৩ৰ মাজনিশা পৰ্যন্ত । ফেল'শ্বিপৰ বাবে নিৰ্বাচিত প্ৰতিগৰাকী সাংবাদিকলৈ আগবঢ়োৱা হ'ব ৩০ হাজাৰকৈ টকা । এই ফেল'শ্বিপৰ অন্তৰ্গত, নিৰ্বাচিত সাংবাদিকসকলে প্ৰকাশ কৰিবলগীয়া প্ৰতিবেদনসমূহ জনস্বাৰ্থৰ সৈতে জড়িত বিভিন্ন বিষয়বস্তূৰ ওপৰত হ'ব লাগিব । প্ৰতিবেদন হ'ব লাগিব বিস্তৃত তথা বিতং তথ্যসমৃদ্ধ । প্ৰতিবেদন ৮০০ শব্দৰ পৰা ১২০০ শব্দৰ ভিতৰত হ'ব লাগিব । বিষয়বস্তুৰ অনুসন্ধান-অধ্যয়ন আৰম্ভ কৰাৰ এমাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব লাগিব । প্ৰয়োজন সাপেক্ষে "এন এফ আই" এ ফেল'শ্বিপ লাভ কৰোতাসকলক প্ৰতিবেদন প্ৰস্তুতৰ ক্ষেত্ৰত যাৱতীয় প্ৰমাণপত্ৰ তথা সহায়ৰ বাবে 'মেন্টৰ'ৰ ব্যৱস্থা কৰিব । এই ক্ষেত্ৰত এগৰাকী জ্যেষ্ঠ সাংবাদিকেৰে যোগাযোগ কৰি দিব এন এফ আই এ ।

ফেল' বাছনিৰ ক্ষেত্ৰত এন এফ আইৰ দ্বাৰা নিযুক্ত বিশিষ্ট সাংবাদিকৰ জুৰি ব'ৰ্ডে আবেদনকাৰীসকলৰ মাজৰ পৰা তেওঁলোকৰ আবেদনপত্ৰৰ যোগ্যতাৰ ভিত্তিত প্ৰাৰ্থী নিৰ্বাচন কৰিব । ফেল' নিৰ্বাচনৰ ক্ষেত্ৰত পিছপৰা, অনগ্ৰসৰ অঞ্চলৰ সাংবাদিকক অগ্ৰাধিকাৰ দিয়া হ'ব বুলি এন এফ আইৰ তৰফৰ পৰা জনোৱা হৈছে ।

ফেল'শ্বিপ সন্দৰ্ভত বিতংকৈ জানিবলৈ এন এফ আইৰ www.nfi.org.in/fellowships ৱেবছাইট চাবলৈ অনুৰোধ জনোৱা হ'ল ।

১০ গৰাকী সাংবাদিকলৈ ফেল'শ্বিপ ঘোষণা এন এফ আই আৰু অসম বাণীৰ যুটীয়া সহযোগিতাত
কা আন্দোলনৰ নেতা, আঞ্চলিকতাবাদৰ আশা প্ৰদ্যুৎ বিক্ৰম মানিক্যৰ তিপ্ৰা মথা চামিল হ'ব বিজেপিৰ মিত্ৰজোঁটত !

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in