দুৰ্নীতিৰ অভিযোগত আটক জয়নগৰ গাওঁ পঞ্চায়তৰ সভানেত্ৰীৰ স্বামী

হোজাই জিলাৰ বিন্নাকান্দি উন্নয়ন খণ্ডৰ অন্তৰ্গত জয়নগৰ গাঁও পঞ্চায়তৰ সভানেত্ৰীৰ স্বামী নজৰুল ইছলামক আটক কৰে মোৰাঝাৰ আৰক্ষীয়ে ।
দুৰ্নীতিৰ অভিযোগত আটক জয়নগৰ গাওঁ পঞ্চায়তৰ সভানেত্ৰীৰ স্বামী

ডিজিটেল সংবাদ,মোৰাঝাৰ: হোজাই জিলাৰ বিন্নাকান্দি উন্নয়ন খণ্ডৰ অন্তৰ্গত জয়নগৰ গাঁও পঞ্চায়তৰ সভানেত্ৰীৰ স্বামী নজৰুল ইছলামক আটক কৰে মোৰাঝাৰ আৰক্ষীয়ে । সভানেত্ৰী ৰুস্বনা নজৰ লস্কৰ আৰু তেওঁৰ স্বামী নজৰুল লস্কৰে পঞ্চায়তৰ বিভিন্ন ধৰণৰ চৰকাৰী আঁচনিৰ নামত চলাইছিল দুৰ্নীতি।

জয়নগৰ গাঁও পঞ্চায়তৰ চতুৰ্দশ বিত্তীয় আয়োগৰ ধনত হোৱা কেইবা লাখ টকাৰ দুৰ্নীতিৰ অভিযোগ তুলি হুছেইনে আহমেদে মোৰাঝাৰ থানাত গোচৰ ৰুজু কৰিছিল। হুছেইন আহমেদৰ গোচৰৰ ভিত্তিত সোমবাৰে পুৱা মোৰাঝাৰ বজাৰৰ পৰা দুৰ্নীতিৰ অভিযোগত মোৰাঝাৰ আৰক্ষীয়ে আটক কৰে নজৰুলক।

আৰু পঢ়ক: প্ৰেৰণা! দেশৰ প্ৰথমগৰাকী মুছলমান মহিলা ফাইটাৰ পাইলট হিচাপে নিৰ্বাচিত ছানিয়া...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in