তিতাবৰত ড্ৰাগছ সহ আটক এজন

তিতাবৰৰ বিবিজানৰ মাইনা দাস নামৰ যুৱক জনৰ পৰা বিজু দাস নামৰ যুৱক জনে ক্ৰয় কৰি আনিছিল সন্দেহজনক ব্ৰাউনচুগাৰ ৷
তিতাবৰত ড্ৰাগছ সহ আটক এজন

ডিজিটেল সংবাদ, তিতাবৰ: পুনৰ ড্ৰাগছ সৰবৰাহ কেন্দ্ৰ হৈ পৰিছে তিতাবৰ। তিতাবৰৰ বিবিজানৰ মাইনা দাস নামৰ যুৱক জনৰ পৰা বিজু দাস নামৰ যুৱক জনে ক্ৰয় কৰি আনিছিল সন্দেহজনক ব্ৰাউনচুগাৰ ৷

আৰক্ষীয়ে এক গোপন সূত্ৰৰ পমখেদি তিতাবৰ মাইনা দাসৰ ঘৰত মাইনা দাসক বিছাৰি অভিযান চলায় । আৰক্ষীৰ অভিযানৰ খবৰ পাই মাইনা দাস পলাই যাবলৈ সক্ষম হয় ৷ এই সন্দৰ্ভত তিতাবৰ আৰক্ষীয়ে সৰবৰাহকাৰী মানৱজ্যোতি দাসক আটক কৰে ।

তেওঁৰ পৰা আৰক্ষীয়ে এটা সৰু বাকচত সন্দেহজনক ব্ৰাউন ছুগাৰখিনি জব্দ কৰিবলৈ সক্ষম হয় । সম্প্ৰতি আৰক্ষীয়ে মাইনা দাসক বিছাৰী অভিযান অব্যাহত ৰাখিছে ।

আৰু পঢ়ক: 'গংগা বিলাস'ত ভ্ৰমণ কৰিবলৈ লাগিব ২০ লাখ: স্পাৰ পৰা জিমলৈ, গানৰ পৰা যোগলৈ আছে সুবিধা

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in