অনিল কলিতাৰ ছুইচাইড নোটত বিস্ফোৰক তথ্য, ৰাজেশ ঠাকুৰীয়াক জেললৈ প্ৰেৰণ

পলাশবাৰী আৰক্ষী থানাৰ অন্তৰ্গত ধোপগুৰি নিৱাসী এটি ক্ষুদ্ৰ সঞ্চয় বিত্তীয় প্ৰতিষ্ঠান অৰুণ জ্যোতিৰ স্বত্বাধিকাৰী অনিল কলিতা আত্মহত্যাৰ নতুন মোৰ।

author-image
Asomiya Pratidin
New Update
অনিল কলিতাৰ ছুইচাইড নোটত বিস্ফোৰক তথ্য, ৰাজেশ ঠাকুৰীয়াক জেললৈ প্ৰেৰণ

ডিজিটেল সংবাদ, মিৰ্জাঃ পলাশবাৰী আৰক্ষী থানাৰ অন্তৰ্গত ধোপগুৰি নিৱাসী এটি ক্ষুদ্ৰ সঞ্চয় বিত্তীয় প্ৰতিষ্ঠান অৰুণ জ্যোতিৰ স্বত্বাধিকাৰী অনিল কলিতা আত্মহত্যাৰ নতুন মোৰ। ৰাজেশ ঠাকুৰীয়া বাহিনীয়ে বৃহৎ টকাৰ লেনদেনত কৰা চৰম প্ৰতাৰণাৰ বাবে শেহতীয়াভাৱে এই ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰী অনিল কলিতাই আত্মহত্যাৰ পথ বাচি লোৱাৰ অভিযোগ উত্থাপন হৈছে।

Advertisment

এনে ঘটনাই অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰি থকাৰ সময়তে তেওঁৰ পৰিয়ালবৰ্গই উদ্ধাৰ কৰে অনিল কলিতাই আত্মহত্যাৰ পূৰ্বে লিখি থৈ যোৱা এখন ছুইচাইড নোট। এই নোটত এই থানাৰে অন্তৰ্গত বৰহেৰামদো নিৱাসী ৰাজেশ ঠাকুৰীয়াৰ নাম লিখি থোৱাৰ লগতে আন কেইবাজনো লোকৰ নামো লিখি থৈ যায় অনিল কলিতাই।

এই সন্দৰ্ভত পলাশবাৰী আৰক্ষী থানাত অনিল কলিতাৰ পত্নী বিভা কলিতাই দিয়া এখন এজাহাৰৰ ভিত্তিত কালি পলাশবাৰী আৰক্ষীয়ে এই ঘটনাৰ সৈতে সাঙোৰ খাই পৰা ৰাজেশ ঠাকুৰীয়াক আটক কৰে। এই সন্দৰ্ভত ১৫/২৩ নম্বৰত ভাৰতীয় দণ্ডবিধি আইনৰ ৩০৬ ধাৰাত আৰক্ষীয়ে এটি গোচৰ ৰুজু কৰি আজি ৰাজেশ ঠাকুৰীয়াক আদালতৰ জড়িয়তেই জেললৈ প্ৰেৰণ কৰে বুলি জনাই আৰক্ষীয়ে। অধিক তদন্তৰ কাৰণে আৰক্ষীয়ে আন বহু তথ্য দিয়াৰ পৰা বিৰত থাকে।

আৰু পঢ়ক: তিতাবৰত সদৌ অসম ভিত্তিত দিবা-নৈশ টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা

Assam police crime