/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/10f49db0-d4c7-4b39-97fb-05dad866d73e/mancachar_police_17.jpg)
ষ্টেছনেৰী দোকানৰ পৰা বৃহৎ পৰিমানৰ নিচাযুক্ত সামগ্ৰী জব্দঃ গ্ৰেপ্তাৰ এজন...
ডিজিটেল সংবাদ দক্ষিণ শালমাৰাঃ দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰ থানা এলেকাৰ অধীনস্থ ভাটি ঝগৰাৰচৰ বজাৰত যোৱা নিশা প্ৰায় ৮ বজাত মানকাচৰ আৰক্ষীৰ দল এটাই অভিযান চলাই ষ্টেছনাৰী দোকান এখনৰ পৰা বৃহৎ পৰিমাণৰ নিচাযুক্ত সামগ্ৰীসহ এজনক গ্ৰেপ্তাৰ কৰিছে।
প্ৰাপ্ত বাতৰি মতে, মানকাচৰ থানাৰ উপ-পৰিদৰ্শক গিতাৰ্থী চৌধুৰী আৰু হিমালিনা গগৈৰ নেতৃত্বত আৰক্ষীৰ দল এটা ভাটি ঝগৰাৰচৰ বজাৰত অভিযান চলায়। গোপন সুত্ৰৰ ভিত্তীত বজাৰখনৰ ছাইফুল ইছলাম (৩৮) নামৰ ড্ৰাগছ ব্যৱসায়ী জনৰ ষ্টেছনাৰী দোকানখনত আৰক্ষীয়ে অভিযান চলাই ১৪৪০ টা নিচাযুক্ত টেবলেট জব্দ কৰিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/2c82f916-5972-4a80-b22e-19506a0ded05/991ddd39_9830_4a98_8571_0a9f8676c0ac.jpg)
টেবলেট খিনিৰ ওজন ১১১.২০ গ্ৰাম বুলি আৰক্ষী সূত্ৰে জানিবলৈ দিছে। আৰক্ষীয়ে দোকানৰ গৰাকী ছাইফুল ইছলামক আটক কৰি জেৰাৰ পাচত গ্ৰেপ্তাৰ কৰিছে।
আজি ছাইফুলক হাটশিঙিমাৰী জিলা আদালতত হাজিৰ কৰাত আদালতে ধুবুৰী জেললৈ প্ৰেৰণ কৰে বুলি জানিব পৰা গৈছে। ধৃত ছাইফুল ইচলাম ভাটি ঝগৰাৰচৰ গাঁৱৰ আব্দুল আওৱালৰ পুত্ৰ বুলি চিনাক্ত কৰা হৈছে।
ষ্টেছনাৰী দোকানৰ পৰা ছাইফুল দীৰ্ঘ দিন ধৰি ড্ৰাগছৰ ব্যৱসায় চলাই আহিছিল। অৱশেষত আৰক্ষীয়ে গোপন সুত্ৰৰ ভিত্তীত ছাইফুলক কৰায়ত্ব কৰিবলৈ সক্ষম হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/c43d2b06-53dd-4425-b5f1-03cd17ffd740/3e237795_d0ec_44c5_9091_8d26cf5c03f5.jpg)
Also Read: মানকাচৰৰ কালী মন্দিৰত চুৰিঃ ৪ টা ৰূপৰ মুকুটসহ লুটিলে দানপাত্ৰৰ ধন...