জাজৰি আৰক্ষীৰ অভিযানত ড্ৰাগছ সহ সৰবৰাহকাৰী আটক

জাজৰি আৰক্ষীৰ অভিযানত ড্ৰাগছ সহ সৰবৰাহকাৰী আটক

author-image
asomiyapratidin
New Update
জাজৰি আৰক্ষীৰ অভিযানত ড্ৰাগছ সহ সৰবৰাহকাৰী আটক

ডিজিটেল সংবাদ, বটদ্ৰৱা: ড্ৰাগছৰ ঘাটিত যেন পৰিণত হৈছে বটদ্ৰৱা সমষ্টিৰ গেন্ধুৱা পথাৰ গাঁও। জাজৰি আৰক্ষীৰ অভিযানত পুনৰ ড্ৰাগছ সহ ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰা হয়। গ্ৰেপ্তাৰ কৰা ড্ৰাগছ সৰবৰাহকাৰীটোৰ নাম আবুল খায়েৰ উৰফে বাবুল।

আবুল খায়েৰৰ বাসগৃহৰ পৰা প্ৰায় কোটি টকাৰ ড্ৰাগছৰ লগতে নগদ ধন উদ্ধাৰ কৰে আৰক্ষীয়ে। বৰ্তমান আৰক্ষীয়ে সৰবৰাহকাৰীটোক আধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে।

উল্লেখ্য যে, জাজৰি আৰক্ষীয়ে ধৃত ড্ৰাগছ সৰবৰাহকাৰীটোক যোৱা ১ জুলাইৰ নিশা ড্ৰাগছ সহ আটক কৰিছিল যদিও ৰহস্যজনক কাৰণত সংবাদ মাধ্যমৰ পৰা লুকুৱাই ৰখিছিল।

আৰু পঢ়ক: 'মন' আছে 'ধন' নাই…

nagaon assam Assam police