ৰঙিয়াত ড্ৰাগছ সৰবৰাহকাৰীক আটক

ৰঙিয়াত শনিবাৰে ড্ৰাগছসহ ২ সৰবৰাহকাৰীক আৰক্ষীয়ে আটক কৰে।

author-image
Asomiya Pratidin
New Update
ৰঙিয়াত ড্ৰাগছ সৰবৰাহকাৰীক আটক

ডিজিটেল সংবাদ,ৰঙিয়াঃ ৰঙিয়াত শনিবাৰে ড্ৰাগছসহ ২ সৰবৰাহকাৰীক আৰক্ষীয়ে আটক কৰে। আৰক্ষী সূত্ৰৰ তথ্য অনুসৰি ধৃত সৰবৰাহকাৰী দুটা ইছাহক আলী আৰু আছলাম হুছেইন। ঘটনাৰ বিৱৰণী অনুসৰি ৰঙিয়া আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি বালাগাৱঁত এক অভিযান চলাই হাতে লোটে ২ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় ।

Advertisment

উল্লেখ্য যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে সৰবৰাহকাৰী দুটাৰ পৰা ২টা চাবোনৰ বাকচসহ ২২.৩৯ গ্ৰাম হেৰোইন উদ্ধাৰ কৰে । ইফালে অভিযান চলোৱাৰ সময়ত ২ সৰবৰাহকাৰীক আৰক্ষীয়ে সোধা পোচাৰ স্বীকাৰোক্তি ভিত্তিত আন এগৰাকী অভিযুক্ত জেহেৰুল আলীৰ গৃহতো অভিযান চলাই যদিও আৰক্ষী অহাৰ উমান পাই ধৃত সৰবৰাহকাৰীটো পলায়ন কৰে ।

আনহাতে ধৃত জেহেৰুল আলীৰ গৃহতো ড্ৰাগছ ব্যৱসায় চলাই অৰ্জন কৰা নগদ ধন ৩ লাখ ৬৫ হাজাৰ ৫০০ টকা জব্দ কৰে বুলি সূত্ৰটোৱে প্ৰকাশ কৰে। সম্প্ৰতি আৰক্ষীয়ে ৰঙিয়া থানাত অধিক তথ্যৰ বাবে সোধা পোচা অব্যাহত ৰাখিছে ।

Also Read: গুৱাহাটীত খগেন্দ্ৰ নাথ বৰা আৰু অজন্তা শৰ্মা পূজাৰীৰ গ্ৰন্থ উন্মোচন

rangiya Assam police